ধেমাজি,14 ফেব্ৰুৱাৰী : ধেমাজিত দেওবাৰে পালন কৰা হয় অসম আন্দোলনৰ শ্বহীদ কমল বৰাৰ 39 সংখ্যক শ্বহীদ দিৱস ৷ অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ ছবছৰীয়া অসম আন্দোলনৰ 1983 চনৰ এই দিনটোতে অবৈধ বাংলাদেশীৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল জামুগুৰি পাঁচআলি কোচগাঁৱৰ প্ৰবীন মুক্তি যোদ্ধা টংক বৰাৰ পুত্ৰ কমল বৰাই ৷
সেয়েহে জাতি ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ জনক সুঁৱৰি পৰিয়ালটোৱে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে শ্বহীদ দিৱস । পুৱাৰ ভাগত জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত শ্বহীদ কমল বৰাৰ প্ৰতিমূৰ্তিত স্মৃতি তৰ্পণ কৰা হয় ৷ ইয়াৰ পাচতেই নাম প্ৰসংগ আৰু দিহা নাম পৰিৱেশন কৰা হয় ৷
লগতে পঢ়ক : ২৫ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব অমিত শ্বাহ