ETV Bharat / state

Bhut jolokia cultivation: ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতাৰ পথত ডেউকা মেলিছে ধেমাজিৰ বহু যুৱকে

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:03 AM IST

ধেমাজি জিলাত কৃষিক বৃত্তি হিচাপে লৈ আগবাঢ়িছে বহু শিক্ষিত যুৱক-যুৱতী ৷ কৃষি কৰ্মত নিজকে আত্মনিয়োগ কৰিছে বহু শিক্ষিত যুৱকে ৷ বিশেষকৈ ব্যৱসায় ভিত্তিত ভোট জলকীয়াৰ খেতিত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰিছে জিলাখনৰ সহস্ৰাধিক নৱপ্ৰজন্মৰ যুৱক-যুৱতী ৷ এই বাতৰিয়ে জিলাখনলৈ আনিছে এক সুখৰ বতৰা ৷

Bhut jolokia cultivation
কৃষিক বৃত্তি হিচাপে লৈ আগবাঢ়িছে বহু শিক্ষিত যুৱক-যুৱতী

ধেমাজি, 14 ছেপ্টেম্বৰ : ধেমাজি জিলাৰ পৰা আহিছে এক সুখবৰ ৷ কিয়নো জিলাখনত এই বছৰ এক কোটি টকাৰ ভোট জলকীয়াৰ ব্যৱসায় কৰিছে কৃষকে ৷ 500 বিঘা ভূমিত এক হেজাৰৰো অধিক খেতিয়ক জড়িত হৈ পৰিছে ভোট জলকীয়া খেতিত ৷ কৃষি বিজ্ঞান কেন্দ্ৰৰ পূৰ্ণ সহযোগত ধেমাজি জিলাত কৃষিক বৃত্তি হিচাপে লৈ ব্যৱসায় ভিত্তিত কৃষি কৰ্মত আত্মনিয়োগ কৰিছে বহু শিক্ষিত যুৱকে ৷

বিশেষকৈ ব্যৱসায় ভিত্তিত কৰা এই ভোট জলকীয়াৰ খেতিত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰিছে জিলাখনৰ সহস্ৰাধিক নৱপ্ৰজন্মৰ যুৱক-যুৱতী ৷ ভোট জলকীয়াৰ খেতিয়ক তথা কৃষি পণ্য ৰপ্তানিকাৰী ধেমাজিৰ উদ্যমী যুৱ কৃষক ভৱেন হালৈয়ে সহযোগী খেতিকসকলৰ সহযোগত জিলাখনৰ পৰা এই বছৰত বৰ্তমানলৈকে এক কোটি টকাৰ কেঁচা ভোট জলকীয়া ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু ৰাষ্ট্ৰ ভূটানলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ৷

জিলাখনত 500 ৰো অধিক বিঘা ভূমিত এই বছৰ ভোট জলকীয়া খেতি কৰা হৈছে ৷ সমগ্ৰ জিলাৰ পৰা জলকীয়া সংগ্ৰহ কৰি ধেমাজিৰ নিলখত ডিপো স্থাপন কৰি ইয়াৰ পৰা বজাৰৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে ড্ৰাইয়াৰৰ সহায়ত জলকীয়া শুকুৱাই সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে উদ্যমী খেতিয়ক ভবেন হালৈয়ে ৷

ইয়াৰোপৰি শীঘ্ৰেই ভোট জলকীয়াৰ প্ৰচেচিং ইউনিট এটা স্থাপন কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কৃষক ভৱেন হালৈয়ে ৷ জিলাখনৰ যুৱ খেতিয়কৰ মাজত অধিক জনপ্ৰিয় হৈ পৰা ভোট জলকীয়া খেতিৰ জৰিয়তে দুশৰো অধিক যুৱকে স্বাৱলম্বী হৈ পৰিছে ৷

ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড৹ গুঞ্জন গগৈয়ে উল্লেখ কৰা মতে, এই বছৰ প্ৰায় পাঁচশ বিঘা ভূমিত কৰা ভোট জলকীয়া খেতিত ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত সকলো ধৰণৰ প্ৰযুক্তিগত সহযোগিতা আগবঢ়াই থকা হৈছে ৷ ইপিনে ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰি ধেমাজিৰ চিমেন চাপৰিৰ বিজ্ঞানৰ স্নাতক ৰমেশ টাইডে এই বছৰ তেওঁৰ ভোটজলকীয়া খেতিৰ পৰা কমেও 16 লক্ষ টকা উপাৰ্জন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

ৰমেশ টাইডৰ ফাৰ্মত 7 জন ব্যক্তিয়ে স্থায়ীভাৱে কাম কৰি আছে ৷ এইদৰে সমগ্ৰ জিলাখনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হাজাৰোধিক ব্যক্তি জড়িত হৈ থকা ভোট জলকীয়াৰ বজাৰৰ বাবে কিছু আন্তঃগাঁথনিৰ অভাৱৰ কথাও উল্লেখ কৰে ভৱেন হালৈয়ে ৷

বিশেষকৈ অসমৰ জলবায়ুৰ লগত খাপখোৱাকৈ চোলাৰ ড্ৰাইয়াৰ আৰু জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা উৎপাদিত ভোট জলকীয়া কঢ়িয়াই আনা নিয়া কৰিবৰ বাবে জিলাখনৰ প্ৰতিটো পঞ্চায়তত একোখনকৈ সৰু বাহনৰ প্ৰয়োজন আছে ৷ যাৰ দ্বাৰা উৎপাদিত পণ্য সময় মতে বজাৰ জাতকৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় হ’ব আৰু খেতিয়কসকল অধিক লাভৱান হ’ব পাৰিব ৷

ধেমাজি জিলাৰ লগতে ৰাজ্যখনৰ যুৱ প্ৰজন্মই চৰকাৰে প্ৰদান কৰা সুবিধা গ্ৰহণ কৰি তেওঁলোকে কৃষিক মূল বৃত্তি হিচাপে লৈ আৰ্থিক স্বচ্ছলতা লাভ কৰাৰ লগতে সমাজত এক বিশেষ মৰ্যাদাপূৰ্ণ ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত ভৱেন, ৰমেশ, অনুজহঁতৰ দৰে উদ্যমী যুৱ কৃষকসকল নিশ্চয়কৈ আদৰ্শ হ’ব পাৰে ৷

লগতে পঢ়ক : Agriculture revolution: গোমধানৰ খেতি কৰি আঢ়ৈ লাখ টকা উপাৰ্জনৰ লক্ষ্য বকলীয়াঘাটৰ দুই আদৰ্শ খেতিয়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.