জোনাই, 23 ছেপ্টেম্বৰ: চিলাপথাৰৰ ডিমৌ নদীত দলং নিৰ্মানৰ দাবীত ৰাজপথত নামিল শ শ গঁঞা (Protest in Assam)৷ আমি সাধাৰণতে নদীত মাছ মাৰিবলৈ শ শ লোক ওলাই অহাৰ কথা শুনিছো কিন্তু এইবাৰ চিলাপথাৰৰ ডিমৌ নদীৰ ওপৰত এখন দলঙৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা গঁঞা ৰাইজ ওলাই আহিল ৰাজপথলৈ (Locals demanding construction of a bridge ) ৷
বিগত 76 বছৰ ধৰি এখন দলং নিৰ্মাণ নহ'ল চিলাপথাৰ আঞ্চলৰ মাজেৰে বৈ অহা ডিমৌ নদীৰ আৰ্চি মাজৰবাৰী অংশত ৷ এইটো পথেৰে নিতৌ অহা যোৱা কৰে চিলাসূতি,চিলাসূঁতি,মুক্তিয়াৰ, ডিমৌ পঞ্চায়তৰ লগতে চিমেনমুখ গাওঁ পঞ্চায়তৰ কুলী বজাৰৰ হেজাৰ হেজাৰ লোকে ৷
আৰ্চিমাজৰবাৰী, কুলীবজাৰ, চিলাসূঁতি ভগৱান, কৰৈবাৰী, চিমেনমুখ, চিমেন চলা, ডিমৌ, বোকাবিল, গৌৰাঙ্গপুৰ, চাবচেণ্টাৰ, টেঙাবাৰী, মাজৰবাৰী, মহাৰাণীৰ পৰা চিলাপথাৰলৈকে অৰ্ধশতাধিক গাঁৱৰ ৰাইজে মৰণক শৰণ কৰি নদীৰ ওপৰেদি দশক দশক ধৰি অহা যোৱা কৰি আহিছে ৷
খৰালি বাৰিষা বুলিবলৈ নাই বছৰৰ 12 মাহেই বিপদসংকুল অৱস্থাত যাতায়াত কৰিয়েই আহিছে গঁঞা ৰাইজে । বাৰিষাকালত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে লোকসকলৰ যাতায়াত (construction of a bridge over Dimau River) ৷
যাতায়াতৰ নাম যমৰ যাতনা ভুগি অহা ৰাইজে বৃহস্পতিবাৰে চৰকাৰে অৱহেলা কৰাৰ প্ৰতিবাদত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ দলং আমাক লাগিবই, ন' দলং ন' ভোট, আমাৰ দাবী মানিবই লাগিব আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ নদীখনৰ ওপৰত অতি শীঘ্ৰেই দলঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: দুৰ্গোৎসৱৰ বাবে ৰাজ্যিক কৰ্মচাৰীক ২৯ ছেপ্টেম্বৰতে দৰমহা দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ