ETV Bharat / state

Irregularity at Jonai govt school: জোনাইৰ এখন বিদ্যালয়ত শিশু দিৱস উপলক্ষে সুৰাৰ পাৰ্টি - শিশু দিৱস উপলক্ষে সুৰাৰ পাৰ্টি

এইবাৰ জোনাইৰ এখন‌ বিদ্যালয়ত শিক্ষকসকলৰ আজৱ‌ কাণ্ড সংঘটিত হৈছে(Irregularity at Jonai govt school) ৷ চাৰিজন শিক্ষক থকা স্বত্বেও বিদ্যালয়লৈ সময়মতে নাহে এজনো শিক্ষক (Irregularity at Jonai govt school)৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক লক্ষ্মীকান্ত পেগুৱে মধ্যাহ্ন ভোজনৰ নামত দীৰ্ঘদিনৰ পৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকলক খুৱাই আহিছে খোৱাৰ অনুপযোগী খাদ্য ৷

liquor party  for Childrens Day at a school at Jonai
জোনাইৰ এখন বিদ্যালয়ত শিশু দিৱস উপলক্ষে সুৰাৰ পাৰ্টি
author img

By

Published : Nov 17, 2022, 11:37 AM IST

জোনাই, 17 নৱেম্বৰ: ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰকৃততে চলিছ কি (Irregularity in govt schools in Assam) ? ৰাজ্যত প্ৰতিদিনেই চৰকাৰী বিদ্যালয়ৰ আসোৱাঁহবোৰ দেখুৱাই বাতৰি প্ৰকাশ পাই থকাৰ পিছতো গা ল’ৰা নাই একাংশ শিক্ষকৰ ৷ এইবাৰ জোনাইৰ এখন‌ বিদ্যালয়ত শিক্ষকসকলৰ আজৱ‌ কাণ্ড সংঘটিত হৈছে(Irregularity at Jonai govt school) ৷ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ (Education Minister Ranoj Pegu) গৃহ জিলা ধেমাজিৰ জোনাইৰ চৰকাৰী বিদ্যালয়সমূহত চলিছে ইটোৰ পিছত সিটো আজৱ কাণ্ড।

জোনাইৰ এখন বিদ্যালয়ত শিশু দিৱস উপলক্ষে সুৰাৰ পাৰ্টি

জোনাইৰ মুৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেমি জেলম মধ্য ইংৰাজী বিদ্যালয় বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগৰ উপৰি অভিযোগে লগ নেৰা হৈছে ৷ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীৰ কঠোৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই চাৰিজন শিক্ষক থকা স্বত্বেও বিদ্যালয়লৈ সময়মতে নাহে এজনো শিক্ষক (Irregularity at Jonai govt school)৷

প্ৰথমে ছাত্ৰ-ছাত্ৰীৰ অভিযোগ,"আমাক পোক লগা, ক’লা ক‘লা চাউলেৰে ভাত খুৱায় ৷ আমি বিদ্যালয়লৈ আহি ছাৰহঁত নোহোৱাকৈ নিজে নিজেই প্ৰাৰ্থনা কৰোহি ৷ ছাৰহঁত অহা দেৰি হয় ৷ ছাৰহঁতে 9.30 বজাৰ পৰা 10 বজাৰ ভিতৰত বিদ্যালয়লৈ আহি পায়হি ৷ আমাক শনিবাৰে মধ্যাহ্ন ভোজনো নিদিয়ে (Mid day meal scam at Jonai school) ৷"

ছাত্ৰ-ছাত্ৰীৰ অভিযোগ নস্যাৎ কৰি এগৰাকী শিক্ষকে কয় , "নাই নাই আমাৰ দেৰি নহয় ৷ কেতিয়াবাহে দেৰি হয় ৷ আমি পোকলগা চাউল খুওৱাটো মিছা কথা ৷ এয়া একদম মিছা কথা ৷ সিহঁতৰ কথা বিশ্বাস নকৰিব ৷ আমি চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিদিনেই মধ্যাহ্ন ভোজন খুৱাও ৷ ছাত্ৰ-ছাত্ৰীয়ে এনেই কৈছে ৷"

ইয়াৰ উপৰিও বিদ্যালয়খনৰ প্ৰধান শিক্ষক লক্ষ্মীকান্ত পেগুৱে মধ্যাহ্ন ভোজনৰ নামত দীৰ্ঘদিনৰ পৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকলক খোৱাৰ অনুপযোগী খাদ্য খুৱাই অহাৰ অভিযোগ উঠিছে ৷ যি সময়ত ছাত্ৰ-ছাত্ৰীসকলক অসম চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত দৈনিক পুষ্টিকৰ সুষম আহাৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিছে, সেই সময়তে প্ৰধান শিক্ষকজনে দীৰ্ঘদিনৰ পৰা পোকে ধৰা চাউলৰ ভাত খুৱাই অহা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ইফালে বিদ্যালয়ত সুৰাৰ বটল ওলোৱাত সাংবাদিকৰ প্ৰশ্নত শিক্ষকগৰাকীয়ে কয়-"আমি বিদ্যালয়ত শিশু দিৱস পতাৰ বাবেহে সুৰাৰ বটল অনা হৈছিল ৷ এনেদৰে সুৰাপান কেতিয়াবাহে কৰা হয় ৷ মই নাখাওঁ বাৰু ৷" এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এনেবোৰ শিক্ষক তথা কৰ্মচাৰীসকলৰ ওপৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব ৷

লগতে পঢ়ক: Nalbari road accident: নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 5 জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.