ETV Bharat / state

Scam in Mission Basundhara: বসুন্ধৰাৰ নামত ধন লৈ নিলম্বিত হ’ল জোনাইৰ মণ্ডল

বসুন্ধৰা আঁচনিৰ কামত ধনৰ লেন-দেন কৰাৰ অভিযোগত নিলম্বন এজন মণ্ডলক ৷ ধেমাজি জিলাৰ উপায়ুক্তই দুৰ্নীতিৰ অভিযোগত অভিযুক্ত মণ্ডল মঞ্জিল বৰাক চাকৰিৰ পৰা নিলম্বন কৰে (Circle office employee suspended at Jonai)। অভিযুক্ত মণ্ডলজনৰ বিৰুদ্ধে ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

Scam in Mission Basundhara
বসুন্ধৰাৰ নামত ধন লৈ নিলম্বিত হ’ল জোনাইৰ মণ্ডল
author img

By

Published : Apr 29, 2022, 5:29 PM IST

জোনাই, 29 এপ্ৰিল: ধেমাজি জিলাৰ জোনাই মহকুমা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ (Jonai Circle Office) অন্তৰ্গত দুৰ্নীতিৰ অভিযোগত অভিযুক্ত মণ্ডল মঞ্জিল বৰাক অৱশেষত চাকৰিৰ পৰা নিলম্বন কৰা হয় (Circle office employee suspended at Jonai)। ধেমাজি জিলাৰ উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই বৃহস্পতিবাৰে এক নিৰ্দেশযোগে মিছন বসুন্ধৰা আঁচনিৰ মাটি-বাৰীৰ কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত মণ্ডল মঞ্জিল বৰাক চাকৰিৰ পৰা নিলম্বিত কৰে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে ৰাইজৰ ভূমি সমস্যা সমাধান সহজ কৰাৰ বাবে বসুন্ধৰা আঁচনি মুকলি কৰাৰ সময়তে এচাম মণ্ডল ধন সংগ্ৰহত নামি পৰাৰ অভিযোগ উত্থাপিত হয় (Taking bribe in Mission Basundhara scheme at Jonai)। জোনাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ মঞ্জিল বৰা নামৰ মণ্ডলজনে দালালৰ জৰিয়তে মহকুমাটোৰ ৰাজাখানা পঞ্চায়তত বহু লোকৰ পৰা ভূমি সমস্যা সমাধানৰ নামত কেইবা লাখ ধন সংগ্ৰহ কৰি আত্মসাৎ কৰা বুলি ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

বসুন্ধৰাৰ নামত ধন লৈ নিলম্বিত হ’ল জোনাইৰ মণ্ডল

এইগৰাকী মণ্ডলে অঞ্চলটোৰ ৰাইজৰ মাটিৰ কাম কৰি দিয়াৰ নামত প্ৰায় দুকুৰি খেতিয়ক ৰাইজৰ পৰা পাঁচৰ পৰা সাত হেজাৰ টকাকৈ সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ বাতৰি প্ৰচাৰিত হোৱাৰ পাছতে উপযুক্তই জোনাই মহকুমাধিপতিক মণ্ডল মঞ্জিল বৰাৰ দুৰ্নীতিৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল । অৱশেষত দুৰ্নীতিগ্ৰস্ত মণ্ডল মঞ্জিল বৰাক জিলা উপায়ুক্তৰক যোৱা ২৮ এপ্ৰিল তাৰিখে চাকৰিৰ পৰা নিলম্বিত কৰে । লগতে বিভাগীয় নীতি নিয়ম অনুসৰি তদন্ত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷

লগতে পঢ়ক: ঘোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত খাদ্য সুৰক্ষা বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.