ধেমাজি, 20 আগষ্ঠ: চৰহা পোকৰ কৱলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল ৷ কৃষকৰ মাজত লাগিছে হাহাঁকাৰ ৷ কাৰণ ভূতৰ ওপৰত দানৱ পৰাদি পৰিছে চৰহা পোক ৷ বান, কৰ’ণা আতংকৰ মাজতেই এতিয়া কৃষকক কন্দুৱাইছে চৰহা পোকে ৷
ধেমাজিৰ পথাৰত শ শ হেক্টৰ কৃষি ভূমিত চৰহা পোকৰ উপদ্ৰৱত ত্ৰাহিমধুসূদন দেখিছে কৃষকে ৷ বিশেষকৈ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰ অধীনৰ বৃহত্তৰ গেলুৱা পথাৰৰ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা ৷
এতিয়া গোগামুখ ৰাজহ চক্ৰ অধীনৰ বৰদলনি, ননদী, ধেমাজি ৰাজহচক্ৰৰ অধীনৰ হাতীগড়, জীয়াঢল, বাটঘৰীয়া, বুটিকোৰ পথাৰ আদিত বিঘাই বিঘাই নষ্ট হৈছে কৃষিভূমি ৷ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ৷ ইপিনে ধেমাজি কৃষি বিভাগে যথোচিত পদক্ষেপ গ্ৰহণ নকৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷