জোনাই, ৩ জুন : ইতিমধ্যে ভূমিস্খলনত মৃত্যু হৈছে বহু লোকৰ। মঙলবাৰে পুনৰ অৰুণাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। কেবাদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ বাবে অৰুণাচলৰ পাছিঘাটৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আগৰ পাংগিঙৰ পথৰ ৰতটোঙৰ সমীপত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। আৰুণালৰ পূৱ আৰু পশ্চিমলৈ যোৱা গড়কাপ্তানী পথৰ মাজত পাহাৰ খহাৰ পৰাৰ ফলত ব্যাহত হৈ পৰে Trans Arunachal Highway পথ। ইতিমধ্যে ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে পাছিঘাটৰ পৰা আল ইংকং আৰু পাংগিঙ মেছুকা বলেং আপাৰ চিয়াঙলৈ যোৱা শতাধিক যান বাহন আৰু যাত্ৰী ৷
![Landslide at arunachal pachighat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:34_as-jonai-3jun-news_03062020183156_0306f_1591189316_317.jpg)