ETV Bharat / state

Sankaradeva Sangha Adhiveshan : স্থাপন কৰা হ’ল শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ লাইখুঁটা

author img

By

Published : Nov 20, 2022, 1:07 PM IST

চিমেন চাপৰিৰ চেৰেণ পথাৰত উদুলি-মুদুলি পৰিৱেশ ৷ নাম প্ৰসংগৰে মুখৰিত হ’ল পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷ স্থাপন কৰা হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা (Sankaradeva Sangha 92th Adhiveshan)৷

Sankaradeva Sangha Adhiveshan
স্থাপন কৰা হ’ল শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ লাইখুঁটা

জোনাই, ২০ নৱেম্বৰ : দেওবাৰে লাইখুঁটা স্থাপন কৰা হ’ল ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ (Sankaradeva Sangha 92th Adhiveshan)৷ জোনাইত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনৰ লাইখুঁটা স্থাপন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে (Padadhikar Kamalakanta Gogoi)৷ লাইখুঁটা স্থাপনৰ কাৰ্যসূচীয়ে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰিলে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ৷

উল্লেখ্য যে, উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ(Srimanta Sankardeva Sangha) ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনখন সংঘৰ জোনাই জিলা শাখাৰ আতিথ্যত অহা ১০, ১১ অৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷ গুৰুজনাৰ একান্ত জনজাতীয় ভক্ত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰৰ নামেৰে নামাকৰণ কৰা হৈছে জোনাই জিলা শাখাৰ অন্তৰ্গত চিমেন চাপৰিৰ অধিৱেশস্থলী ৷

দেওবাৰে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন কৰা হ’ল পুৱা ১০ বজাত (Lai khuta of Sankaradeva Sangha 92th Adhiveshan)৷ অনুষ্ঠান উপলক্ষে চেৰেণ পথাৰত এক উদুলি মুদলি পৰিৱেশ দেখা গ’ল৷ লাইখুঁটা স্থাপন হোৱা চেৰেণ পথাৰ ভকত-বৈষ্ণৱৰ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিল৷

আনহাতে লাইখুঁটা স্থাপনৰ পাছতে পুৱা ১১ বজাত স্থায়ী নামঘৰৰ মূল খুঁটাৰ আধাৰশিলা স্থাপন কৰে জোনাইৰ বিধায়ক ভূৱন পেগুৱে । দিনৰ ১১-৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ(Sankaradeva Sangha Padadhikar) সভাপতিত্বত অনুষ্ঠিত হয় লাইখুঁটা স্থাপনৰ মুকলি সভা ৷ সভাখন উদ্ধোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই (Sankaradeva Sangha Secretary)। অনুষ্ঠানত সন্মানীয় অতিথি হিচাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰনাথ ডেকা, সাংসদ প্ৰদান বৰুৱা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মৃদুল হাজৰিকা, অৰুণাচল প্ৰদেশৰ নাড়ী বিধানসভা সমষ্টিৰ বিধায়ক কেন্ট ৰিণা উপস্থিত থকাৰ লগতে বিশিষ্ট আৰু আমন্ত্ৰিত অতিথি হিচাবে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য, উক্ত মুকলি সভাখনতে বিপিন চুতীয়াৰ অভিনন্দন গ্ৰন্থ ‘সুজান সৌৰভ’ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

লগতে পঢ়ক : Bhupen Hazarika Solidarity Award: কিংবদন্তী গায়িকা ঊষা মংগেশকাৰলৈ ড° ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা-2022

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.