ETV Bharat / state

অৱশেষত অৰুণাচলত উদ্ধাৰ কণমানি কুমকুম

বৃহস্পতিবাৰে পুৱাৰ ভাগত অৰুণাচল প্ৰদেশৰ ত’দেৰ পৰা উদ্ধাৰ হয় জোনাইৰ 6 বছৰীয়া কুমকুম পেগু(Kumkum Pegu) ৷ বুধবাৰে সন্ধিয়া ভাগত অপহৰণ হোৱাৰ পাচত ওৰে নিশা তদন্ত চলাই কণমানিজনীক উদ্ধাৰ কৰে অসম-অৰুণাচল আৰক্ষীয়ে ৷ ঘটনাৰ সৈতে জড়িত সন্দেহযুক্ত অৰ্জুন পেগু নামৰ যুৱকজন বৰ্তমানেও পলাতক অৱস্থাত ৷

author img

By

Published : Aug 12, 2021, 12:35 PM IST

kumkum-pegu-recovered
কুমকুম পেগুক উদ্ধাৰ

জোনাই, 12 আগষ্ট : অৱশেষত বৃহস্পতিবাৰে পুৱাৰ ভাগত সন্ধান ওলাল কণমানি কুমকুম পেগু(Kumkum Pegu)ৰ ৷ এখন টঙিত অকলে কান্দি থকা অৱস্থাত আদি-মিচিং ছাত্ৰ সংগঠনৰ একাংশ সদস্যই অৰুণাচল প্ৰদেশৰ ত’দেৰ পৰা কণমানিজনীক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷ অপহৰণকাৰীয়ে অসম-অৰুণাচল আৰক্ষীৰ অভিযান চলোৱাৰ উমান পাই কণমানিজনীক এৰি পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

বুধবাৰে সন্ধিয়া প্ৰায় 6 বজাত জোনাই মহকুমা আৰক্ষী বিষয়াৰ চৰকাৰী বাসভৱনৰ সমীপত সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে দুখন বাহনত অহা লোকে কণমানিজনীৰ মামা বুলি পৰিচয় দি এখন বগা ৰঙৰ এল্ট’ বাহনত উঠাই লৈ যায় ৷ দুয়োখন বাহনে তীব্ৰ বেগেৰে আহি কণমানিজনীক লৈ উধাও হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছিল ৷

কণমানি কুমকুম পেগুক উদ্ধাৰ

লগতে পঢ়ক : কণমানি কুমকুম পেগুৰ অপহৰণৰ আঁৰত কোন ?

ইয়াৰ পাচতে অসম-অৰুণাচল আৰক্ষীয়ে কণমানিজনীক বিচাৰি ওৰে নিশা অভিযান চলায় ৷ অভিযানৰ সময়ত অপৰহণ কাণ্ডত ব্যৱাহাৰ কৰা A-AS-01_ET_8017 নম্বৰৰ এখন মাৰুতি এল্ট’ বাহন নদীৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আনহাতে, নদীৰ পৰা কিছু দূৰৈত কণমানিজনীৰ চেণ্ডেল উদ্ধাৰ কৰে অভিযানকাৰী দলে ৷

ইফালে উদ্ধাৰ হোৱা বাহনখনৰ পৰা অপহৰণ কাণ্ডত জড়িত সন্দেহযুক্ত অৰ্জুন পেগু নামৰ এজন যুৱকৰ নথি-পত্ৰও জব্দ কৰা হয় । আৰক্ষীয়ে উদ্ধাৰ কৰা অৰ্জন পেগুৰ প্ৰ-পত্ৰ লাভ কৰি এই অপহৰণত যুৱকজন জড়িত থকাৰ কথা উল্লেখ কৰে ৷ কুমকুমক উদ্ধাৰ কৰাৰ পাচত জোনাই ভাৰপ্ৰপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াই এখনি ফুলাম গামোচাৰে কণমানিজনীক আদৰি কোলাত তুলি লয় ৷

লগতে পঢ়ক : কোটি টকীয়া দুৰ্নীতিৰে কি সম্পৰ্ক আঙুৰলতা-আকাশদ্বীপৰ ?

পৰিয়ালৰ লোকে আৰক্ষী-প্ৰশাসন, জোনাই ৰাইজ, অৰুণাচলৰ ৰাইজক অশেষ ধন্যবাদ জনায় ৷ লগতে অপহৰণকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় কুমকুমৰ পৰিয়ালে ৷

লগতে পঢ়ক : দৰাই কইনা নিবলৈ অহাৰ পাছতে লাগিল অথন্তৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.