ETV Bharat / state

Crisis of Majuli family : হেমৰ চিকিৎসাৰ বাবে অৰ্থৰ প্ৰয়োজন

author img

By

Published : Nov 28, 2022, 10:21 PM IST

জোনাইৰ এগৰাকী মৰমৰ লগা যুৱতী ৷ নাম হেমপ্ৰভা দলে ৷ জোনাইৰ ভেকেলী গাঁৱৰ মহন্ত দলে আৰু মামনি দলেৰ একমাত্ৰ কন্যা হেমপ্ৰভা বৰ্তমান আক্ৰান্ত হৈছে কৰ্কট ৰোগত (Jonai young woman suffering from complex diseases) ৷ হেমপ্ৰভাৰ কৰ্কট ৰোগৰ চিকিৎসা কৰিবলৈ পৰিয়ালটোক প্ৰয়োজন হৈছে বহু অৰ্থৰ ৷ উপায়ন্ত হৈ পৰিয়ালটোৱে বিচাৰিছে এতিয়া সদাশয় লোকৰ সহায় (Financial need of Jonai poor family)৷

Crisis of Majuli family
হেমৰ চিকিৎসাৰ বাবে অৰ্থৰ প্ৰয়োজন

জোনাই, 28 নৱেম্বৰ : ‘‘মই জীয়াই থাকিব বিচাৰো ৷ জীৱনটোক লৈ মোৰো বহুত আশা আছে ৷ মোক আপোনালোকে আৰ্শীবাদ কৰক, যাতে সোনকালে মই সুস্থ হৈ উঠিব পাৰো ৷ সোনকালে যাতে ঘৰলৈ উভতি যাব পাৰো ৷’’

মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালত (Tata Memorial Hospital in Mumbai) জীৱন যুদ্ধৰ সৈতে যুঁজ দি আছে এগৰাকী প্ৰতিভাৱান অসমৰ যুৱতীয়ে ৷ নাম হেমপ্ৰভা দলে ৷ জোনাইৰ ভেকেলী গাঁৱৰ মহন্ত দলে আৰু মামনি দলেৰ একমাত্ৰ কন্যা হেমপ্ৰভা । ভৰ যৌৱনৰ সময়তে হেমপ্ৰভাৰ জীৱনলৈ হঠাৎ নামি আহিল ঘোৰ অমানিশা ৷

Crisis of Majuli family
হেমৰ চিকিৎসাৰ বাবে অৰ্থৰ প্ৰয়োজন

নাচি-বাগি সকলোৰে সৈতে ৰং-ধেমালি কৰি ভালপোৱা হেমপ্ৰভাৰ শৰীৰত বাহৰ পাতিছিল কৰ্কট ৰোগে ৷

প্ৰায় 6-7 মাহ পূৰ্বে প্ৰথমাৱস্থাত হেমপ্ৰভা কাঁহ আৰু টঞ্চিল ৰোগত আক্ৰান্ত হৈছিল ৷ অসমৰ বহু চিকিৎসালয়ত চিকিৎসা কৰা হ’ল হেমৰ ৷ চিকিৎসক পৰামৰ্শ গ্ৰহণ কৰিও হেমৰ কাঁহ আৰু টঞ্চিল ৰোগ ভাল নোহোৱাত চিন্তিত হৈ পৰিছিল হেমৰ পিতৃ-মাতৃ ৷

দিনক দিনে হেমপ্ৰভাৰ স্বাস্থ্য অধিক অৱনতি ঘটাত মুম্বাইলৈ এই ৰোগৰ চিকিৎসা কৰিবলৈ লৈ গৈছিল পৰিয়ালৰ লোকে ৷ মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালতে (Tata Memorial Hospital in Mumbai) হেমপ্ৰভাৰ শৰীৰত কৰ্কট ৰোগৰ উপস্থিতি ধৰা পৰে (Jonai young woman suffering from complex diseases) ৷ বিগত প্ৰায় এমাহ দিন ধৰি হেমপ্ৰভা চিকিৎসাধীন হৈ আছে মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালতে (Tata Memorial Hospital in Mumbai) ।

Crisis of Majuli family
কৰ্কট ৰোগত আক্ৰান্ত হেমপ্ৰভা

লগতে পঢ়ক : Crisis of Majuli family: পুত্ৰৰ চিকিৎসাৰ বাবে অৰ্থৰ প্ৰয়োজন

ইতিমধ্যে দুখীয়া পৰিয়ালটোৱে হেমৰ চিকিৎসাৰ বাবে ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰিলে (Jonai poor family)৷ তথাপিও সুস্থ হৈ উঠা নাই হেম ৷ ইফালে হেমৰ চিকিৎসাৰ বাবে বৰ্তমান প্ৰয়োজন হৈ বহু অৰ্থৰ ৷ ধনৰ অভাৱত দিগবিদিক হেৰুৱাইছে ভুগিছে দুখীয়া পৰিয়ালটোৱে (Crisis of Jonai family) ।

উপায়ন্ত হৈ এতিয়া হেমপ্ৰভা আৰু তাইৰ পৰিয়ালে উন্নত চিকিৎসাৰ বাবে স্থানীয় জন-প্ৰতিনিধি, অসম চৰকাৰ লগতে মানৱদৰদী হৃদয়ৱান লোকৰ পৰা কিছু আৰ্থিক সাহাৰ্য বিচাৰিছে (Financial need of Jonai poor family) ৷ হেমপ্ৰভাৰ এটাই আহ্বান, ‘‘মোক জীয়াই থাকিবলৈ সহায় কৰক ৷ ময়ো আগৰ দৰে জীয়াই থাকিব খোজো’’ ৷

হেমৰ চিকিৎসাৰ বাবে অৰ্থৰ প্ৰয়োজন

যদিহে কোনো সদাশয় লোকে হেমপ্ৰভা দলেক সহায় কৰিব বিচাৰে, তেন্তে

SBI A/C No. 34036424085

IFC: SBIN0005557

NAME: HEMOPRAVA DOLEY

G-PAY - 8812975314 নম্বৰত আৰ্থিক সাহাৰ্য প্ৰেৰণ কৰিব পাৰে ৷

লগতে পঢ়ক : Helpless Women at Teok: চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী অসহায় আইতাৰ কাষত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.