ETV Bharat / state

৭০ বছৰীয়া বৃদ্ধাক হত্যা কৰি আৰক্ষীৰ জালত দুই দুধৰ্ষ অপৰাধী

author img

By

Published : Aug 24, 2019, 9:45 PM IST

১৫ আগষ্টত অসম-অৰুণাচল সীমান্তৱৰ্তী লিকাবালিস্থিত এগৰাকী ৭০ বছৰীয়া বৃদ্ধা হত্যা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

লিকাবালিত ৭০ বছৰীয়া বৃদ্ধাক হত্যা কৰা দুই হত্যাকাৰীক গ্ৰেপ্তাৰ

জোনাই, 24 আগষ্ট : অসম- অৰুণাচল সীমান্তৱৰ্তী লিকাবালিত সংঘটিত হ'ল পুনৰ জঘন্য হত্যাকাণ্ড । এগৰাকী বিধৱা মহিলাক অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰে দুই দুৰ্বৃত্তই । প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৫ আগষ্টত লিকাবালিস্থিত এটি প্ৰাসাদসম অট্ৰালিকাত অকলশৰে থকা এগৰাকী ৭০ বছৰীয়া বৃদ্ধা মহিলাৰ ঘৰত চুৰিকাৰ্য সংঘটিত কৰি হত্যা কৰে বৃদ্ধা মহিলাগৰাকীক ৷ অভিযুক্ত দুই দুধৰ্ষ হত্যাকাৰীক্ৰমে অৰুণাচলৰ কেমবং আৰু অসমৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মুক্তিয়াৰ নিৱাসী নীলকান্ত পাইত । প্ৰায় দুদিন পিছতে অৰুণাচল আৰক্ষীয়ে আপাৰ কলনিৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ তদন্তকাৰী বিষয়া লিকাবালিৰ অ’চি তুমকে আগুৰ নেতৃত্বত আৰক্ষীয়ে চলাই ২১ আগষ্টত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মূল অভিযুক্ত কেমবঙক আৰু ইয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি সহ অভিযুক্ত নীলকান্ত পাইতক আটক কৰে । এয়া ধৰ্ষণ কৰি হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

লিকাবালিত ৭০ বছৰীয়া বৃদ্ধাক হত্যা কৰা দুই হত্যাকাৰীক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে এই দুই অভিযুক্তৰ বিৰুদ্ধে লিকাবালি আৰক্ষী থানাত অন্তৰ্ভূক্ত হৈ আছে আন এটা গোচৰ। আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ড সংঘটিত কৰা কিছুদিন পূৰ্বে এই দুই অভিযুক্তই লিকাবালিস্থিত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিৱাসত ডকাইতি কাণ্ড সংঘটিত কৰিছিল ৷ লিকাবালি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭ আৰু ৩৮০ ৰ অধীনত ২৪/২০১৯ ত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই আছিল ।

Intro:Body:ধৰ্ষণ কৰি হত্যাৰ সন্দেহঃ আৰক্ষীৰ তদন্ত অব্যাহত
লিকাবালিত ৭০ বছৰীয়া বৃদ্ধাক নৃশংস হত্যা

জোনাই, 24 আগষ্টঃ
অসম- অৰুণাচল সীমান্তৱৰ্তী লিকাবালিত সংঘটিত এটি জঘন্য হত্যাকাণ্ডই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী বিধৱা মহিলাক অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰে দুই দুৰ্বৃত্তই। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৫ আগষ্টত লিকাবালিস্থিত এটি প্ৰাসাদসম অট্ৰালিকাত অকলশৰে থকা এগৰাকী ৭০ বছৰীয়া বৃদ্ধা মহিলাৰ ঘৰত চুৰিকাৰ্য সংঘটিত কৰি হত্যা কৰিলে দুই দুধৰ্ষ হত্যাকাৰীক্ৰমে অৰুণাচলৰ কেমবং আৰু অসমৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মুক্তিয়াৰ নিৱাসী দণ্ডিৰাম পাইতৰ পুত্ৰ নীলকান্ত পাইতে। প্ৰায় দুদিন পিছতে অৰুণাচল আৰক্ষীয়ে আপাৰ কলনিৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। তদন্তকাৰী বিষয়া লিকাবালিৰ অ’চি তুমকে আগুৰ নেতৃত্বত দলটোৱে পৰৱৰ্তী সময়ত যোৱা ২১ আগষ্টত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মূল অভিযুক্ত কেমবঙক আৰু ইয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি সহ অভিযুক্ত নীলকান্ত পাইতক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত দুই হত্যাকাৰীয়ে প্ৰচুৰ মদ্যপান কৰি আছিল যাৰ বাবে সঠিক তথ্য আৰক্ষীৰ আগত দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। তদন্তৰ খাতিৰত আৰক্ষীয়ে মহিলাগৰাকীৰ নাম গোপনে ৰখা বুলি জানিবলৈ দিছে। আৰক্ষীয়ে লিকাবালি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ৰ অধীনত ২৫/২০১৯ ত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে এই দুই অভিযুক্তৰ বিৰুদ্ধে লিকাবালি আৰক্ষী থানাত অন্তৰ্ভূক্ত হৈ আছে এটি গোচৰ। জানিব পৰা মতে, হত্যাকাণ্ড সংঘটিত কৰা কিছুদিন পূৰ্বে এই দুই অভিযুক্তই লিকাবালিস্থিত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিৱাসত ডকাইতি কাণ্ড সংঘটিত কৰিছিল আৰু লিকাবালি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭ আৰু ৩৮০ ৰ অধীনত ২৪/২০১৯ ত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল। স্থানীয় লোকে এয়া ধৰ্ষণ কৰি হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.