জোনাই, ২ জুন : বুধবাৰে ধেমাজী জিলাৰ জোনাইত আৰক্ষীয়ে আটক কৰিছে তিনিজন বাইক চোৰক ৷ আটক কৰা বাইক চোৰৰ কৱলৰ পৰা উদ্ধাৰ কৰে এখন ৰয়েল এনফিল্ড মটৰ চাইকেল ৷ বুধবাৰে পুৱাৰ ভাগত জোনাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জোনাই নেপালী বস্তিৰ সমীপত এখন চুৰি বাইক বিক্ৰীৰ বাবে অনা বুলি গম পাই অভিযান চলাই তিনিজন যুৱকক আটক কৰে ৷
যুৱক কেইজনৰ পৰা এখন ৰয়েল এনফিল্ড মটৰ চাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ যুৱক কেইজনে অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পৰা এনফিল্ড মটৰ চাইকেল চোৰ কৰি আনি জোনাইত বিক্ৰী কৰিব বিচাৰিছিল ৷ আটক কৰা যুৱক কেইজন হ’ল অৰুণাচল ঙৰলুং গাঁৱৰ নিবাসী তানি পায়েঙৰ পুত্ৰ তাবাং পায়েং, চিবুট গাঁৱৰ নিৱাসী তাবাং জা'মৰ পুত্ৰ নাকু জা’ম, আৰু তনং তাচুঙৰ পুত্ৰ কিলিনটন তাচুং ৷
তিনি বাইক চোৰৰ দুজন অৰুনাচলৰ পূৱ ছিয়াং জিলাৰ পাচিঘাটৰ এজন ৰুকচিনৰ ৷ উদ্ধাৰ কৰা মটৰ চাইকেলখন পাঁচদিনৰ আগতে অৰুণাচলৰ পাচিঘাটৰ পৰা চুৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক : শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত কি ক'লে জিএমচিএইচৰ অধ্যক্ষই ?