ETV Bharat / state

জোনাই মহকুমা মহকুমাধিপতিয়ে প্ৰকাশ কৰিলে খচৰা ভোটাৰ তালিকা - জোনাই সমষ্টি

১১৪ নং জোনাই বিধান সভা সমষ্টিত পুৰুষ ১,৫৮,৩৪৮, মহিলা ১,৫৩,৬২৪ গৰাকী ভোটাৰ সহ মুঠ ৩,১১,৯৭২ গৰাকী ভোটাৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে ৷ খচৰা ভোটাৰ তালিকা-২০২২ প্ৰকাশ কৰি এই কথা সদৰী কৰিছে জোনাই মহকুমা মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেডীয়ে ৷

jonai draft voter list released
জোনাই মহকুমা মহকুমাধিপতিয়ে প্ৰকাশ কৰিলে খচৰা ভোটাৰ তালিকা
author img

By

Published : Nov 1, 2021, 10:35 PM IST

জোনাই ১ নৱেম্বৰ : জোনাই মহকুমা মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেডীয়ে সোমবাৰে জোনাই সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ খচৰা ভোটাৰ তালিকা-২০২২ প্ৰকাশ কৰে ৷ এই উদ্দেশ্যে মহকুমাধিপতিৰ সভাকক্ষত অনুষ্ঠিত সভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী উপস্থিত থাকে ৷

মহকুমাধিপতি প্ৰদীপকুমাৰ দ্বিবেদীয়ে সদৰি কৰা মতে, ১১৪ নং জোনাই বিধানসভা সমষ্টিত পুৰুষ ১,৫৮,৩৪৮, মহিলা ১,৫৩,৬২৪ গৰাকী ভোটাৰ সহ মুঠ ৩,১১,৯৭২ গৰাকী ভোটাৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে ৷ তদুপৰি মহকুমাটোত মুঠ ৩৫২ টা ভোট কেন্দ্ৰ কৰা হৈছে ৷ খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত দাবী-আপত্তি, শুধৰণি আদিৰ প্ৰ-পত্ৰ চলিত বৰ্ষৰ ১ নৱেম্বৰ পৰা ৩০ নৱেম্বৰ ভিতৰত দাখিল কৰিব পাৰিব ৷

এই দাবী-আপত্তি নিষ্পত্তিকৰণ ২০ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পিছত অহা ২০২২ চনৰ ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব ৷

উল্লেখ্য যে, জোনাই সমষ্টিৰ ভোটাৰ ৰাইজক নৱেম্বৰ মাহৰ ভিতৰত নিজ নিজ ভোটাৰ কেন্দ্ৰলৈ গৈ সংশ্লিষ্ট বি এল অ’ / ডেজিনেট বিষয়াক লগ কৰা নাইবা অনলাইনযোগে ভোটাৰ তালিকাৰ তথ্যসমূহ সংশোধন কৰিবলৈ আহ্বান জনাইছে মহকুমাধিপতি গৰাকীয়ে ৷

তদুপৰি যি সকলৰ বয়স আগন্তুক ১ জানুৱাৰীত ১৮ বছৰ হ'ব তেওঁলোকেও ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি জানিবলৈ দিছে ৷ সভাত উপস্থিত থাকে জোনাই চক্ৰ বিষয়া তথা ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা আৰু জোনাই জনসংগযোগ বিষয়া নয়নমনি দত্ত ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কি নিয়ম বান্ধি দিলে নিৰ্বাচন আয়োগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.