জোনাই, ১৯ আগষ্ট : ভাৰতীয় জনতা পাৰ্টীৰ (BJP) পশ্চিম জোনাই মণ্ডল যুৱ মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা বুধবাৰে লাইমেকুৰী গাঁও পঞ্চায়তৰ চৌহদৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় । বিজেপিৰ পশ্চিম জোনাই মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰিণদাও গয়াৰীৰ সভাপতিত্বত আয়োজিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সাধাৰণ সম্পাদক বৰুণ শইকীয়াই ।
সভাত অংশগ্ৰহণ কৰি পশ্চিম জোনাই মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ভূপেন দাৱে কয় যে ভাৰতীয় জনতা পাৰ্টী পৃথিৱীৰ ভিতৰতে এটা সৰ্ববৃহৎ ৰাজনৈতিক দল । ইয়াৰ সাংগঠনিক পৰিসৰ সাগৰ সদৃশ, সেয়ে আগন্তুক দিনত যিকোনো নিৰ্বাচনৰ বাবে সকলো সময়তে সাজু হৈ থকাৰ লক্ষ্যৰে অসমৰ সকলো জিলা, মণ্ডল তথা বুথত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰি তুলিব লাগিব ৷
তেওঁ কয় যে বিজেপিৰ সকলো মৰ্চাৰ লগতে সকলো পৰ্যায়ৰ কাৰ্যকৰ্তাই ইয়াৰ বাবে কষ্ট কৰিব লাগিব । অনুষ্ঠানত উপস্থিত থাকি পশ্চিম জোনাই মণ্ডল বিজেপিৰ সভাপতি শিৱ দলেয়ে কয় যে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়ন আৰু বিকাশৰ বাবে বিভিন্ন ধৰণৰ জনমুখী আৰু অভিলাখী আঁচনি প্ৰস্তুত কৰি ৰূপায়ণৰ কাম হাতত লৈছে ।
চৰকাৰে জনহিতাৰ্থে গ্ৰহণ কৰা আঁচনিসমূহ যাতে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে লাভ কৰি উপকৃত হ'ব পাৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব । লাইমেকুৰী গাওঁ পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলিয়ে বিজেপি নেতৃত্বৰ চৰকাৰখনে কৃষক, মহিলা, নিৱনুৱা, বিধৱা, ক্ষুদ্ৰ ব্যৱসায়ীৰ উন্নয়নৰ বাবে বিভিন্ন জনমুখী আঁচনি ৰূপায়ণ কৰাৰ লগতে ক্ৰীড়া, সাংস্কৃতিক দিশৰ সৈতে জড়িত ব্যক্তিৰ উপৰিও চৰকাৰী কৰ্মচাৰী সকলৰ ক্ষেত্ৰতো অভিলাষী আঁচনি প্ৰস্তুত কৰি সুবিধা আগবঢ়াইছে বুলি ব্যক্ত কৰে ।
বিজেপিৰ ধেমাজি জিলা যুৱ মৰ্চাৰ প্ৰভাৰী কৌশিক দত্তই সভাত অংশগ্ৰহণ কৰি বিজেপিৰ সাংগঠনিক প্ৰক্ৰিয়াত বুথ সমিতিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দলৰ যুৱ মৰ্চাৰ ভেটি টনকিয়াল কৰিবলৈ আহ্বান জনায় । সভাত বিজেপিৰ পশ্চিম জোনাই মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী ফুলেমা দলে, কিষাণ মৰ্চাৰ সভাপতি প্ৰদীপ দলে, অ'বিচি মৰ্চাৰ সভাপতি জয়ন্ত দুৱৰা উপস্থিত থাকে ।
লগতে পঢ়ক : আন্তঃজিলা বাছ সেৱা মুকলি কৰাৰ দাবীৰে যোৰহাটত অভিনৱ প্ৰতিবাদ