ETV Bharat / state

অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সামৰণি

author img

By

Published : Dec 23, 2019, 8:38 PM IST

লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি পৰে ৷ মুখ্য অতিথি হিচপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী |

বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশন
বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশন

জোনাই, 23 ডিচেম্বৰ: জোনাই 3নং মুৰ্কংচেলেকৰ গৌজনপুৰ বাথৌ মন্দিৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত উলিওৱা শোভাযাত্ৰা সহস্ৰাধিক বাথৌ ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে ৷

অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ সামৰণি অনুষ্ঠান

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ এই অনুষ্ঠানত অবিভক্ত লক্ষীমপুৰ জিলা বাথৌ মহাসভাৰ কাৰ্যকৰী সমিতিৰ লগতে মহিলা সমিতি আৰু যুৱ সমিতি গঠন কৰা হয় ৷

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ

জোনাই, 23 ডিচেম্বৰ: জোনাই 3নং মুৰ্কংচেলেকৰ গৌজনপুৰ বাথৌ মন্দিৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত উলিওৱা শোভাযাত্ৰা সহস্ৰাধিক বাথৌ ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে ৷

অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ সামৰণি অনুষ্ঠান

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ এই অনুষ্ঠানত অবিভক্ত লক্ষীমপুৰ জিলা বাথৌ মহাসভাৰ কাৰ্যকৰী সমিতিৰ লগতে মহিলা সমিতি আৰু যুৱ সমিতি গঠন কৰা হয় ৷

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ

Intro:Body:জোনাইত অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশন সফল সামৰণি /লখিমপুৰ-ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ সহস্ৰাধিক বাথৌ ধৰ্মপ্ৰাণ ৰাইজৰ বিশাল শোভাযাত্ৰা/ নতুন সমিতি গঠন /প্ৰতিশব্দত চহকী বড়ো ভাষা : বিশ্বজিৎ দৈমাৰী

জোনাই, ২৩ ডিচেম্বৰ : ধেমাজি জিলাৰ জোনাই সদৰ সমীপৱৰ্তী ৩ নং মুৰ্কংচেলেক গৌজনপুৰ বাথৌ মন্দিৰ প্ৰাংগনত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনখনি আজি সফল সামৰণি পৰে। আজি পুৱা ৬ বজাত মুলাৰাম দৈমাৰীৰ পৰিচালনাৰে প্ৰাত প্ৰাৰ্থনা কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানত সীতানন্দ বসুমতাৰীয়ে বাথৌ ধৰ্মৰ তাত্বিক দিশ আৰু প্ৰচাৰ প্ৰসাৰৰ দিশত বাথৌ ধৰ্মীলোকৰ দায়িত্ব সন্দৰ্ভত ভাষণ ৰাখে। ইয়াৰ পিছত জোনাই গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কমলা শৰ্মাৰ উদ্ধোধনেৰে বিশাল শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰত সহস্ৰাধিক বাথৌ ধৰ্মীয় সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে। দুপৰীয়া ১২ বজাত অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ সভাপতি দ্বিজেন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন ইউ বি পি অৰ সভাপতি মিহিনিশ্বেৰ বসুমতাৰীয়ে উদ্ধোধন কৰে। উদ্ধোধনী ভাষণত তেওঁ কয় --- বড়ো সকলে আদি-অনাদি কালৰ পৰা প্ৰধান ধৰ্ম হিচাপে বাথৌ ধৰ্ম পালন কৰি আহিছে যদিও বিভিন্ন সময়ত বিভিন্ন ধৰ্ম গ্ৰহণ কৰি অহাৰ ফলত বড়ো সকলৰ মূল ধৰ্ম বাথৌৰ সাৰ্বজনীনতা ম্লান পৰি যোৱা দেখা গৈছিল । গতিকে বাথৌ মহাসভাৰ প্ৰচেষ্টাৰ ফলস্বৰূপে সাম্প্ৰতিক কালত বাথৌ ধৰ্মই সংস্কাৰমুখী আৰু বিজ্ঞানসন্মত পৰ্যায়ত উপনীত হ'বলৈ ধৰিছে আৰু বড়ো সকলৰ জাতিগত পৰিচয় শক্তিশালী কৰাৰ লক্ষত ইয়ে ধাৰক-বাহকৰ দৰে ভূমিকা পালন কৰি আছে । এনে পৰিপ্ৰেক্ষিততে অন্যান্য ধৰ্ম গ্ৰহণ কৰি অহা বড়ো জনসাধাৰণে আদি-অনন্ত কালৰ পৰা পালিত হৈ অহা বাথৌ ধৰ্মক ভক্তিভাৱেৰে সহযোগ আগবাঢ়ি অহাটো সময়ৰ আহ্বান বুলি বক্তব্য আগবঢ়ায় । সভাৰ মুখ্য অতিথি তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে উপস্থিত থাকি নিজৰ ভাষণত কয় ---- বাথৌ ধৰ্মৰ মূল দৰ্শন তথা ভেটি হৈছে পঞ্চতত্ত্ব । এই পঞ্চতত্ত্ব হৈছে -সূৰ্য, আকাশ, বায়ু, পানী আৰু মাটি। এই পঞ্চশক্তিৰ পৰিচালনাতে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ মূল। মহাশক্তিমান নিৰাকাৰ ঈশ্বৰৰ ইচ্ছাতে সংসাৰ লালন-পালন হৈ আহিছে বুলি বাথৌ ধৰ্মীয় খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ লোক সকলে বিশ্বাস কৰি অপাৰ্থিৱ, নিৰাকাৰ সৰ্বশক্তিমান ঈশ্বৰৰ সান্নিধ্য লাভ কৰিবলৈ বাথৌ দেৱতাৰ সন্তুষ্টৰ জৰিয়তে অনাদি অনন্ত কালৰ পৰাই উপাসনা আৰু আৰাধনা কৰি আহিছে। তদুপৰি তেওঁৰ ভাষণত আৰু কয় বড়ো ভাষা পৃথিৱীৰ সকলো ভাষাৰ ভিতৰতে চহকী ভাষা। যিহেতু পৃথিৱীত যিমান ভাষা আছে এইসকলো ভাষাৰ প্ৰতিশব্দ বড়ো ভাষা আছে। মুকলি সভাত বিশেষ সন্মানীত অতিথিৰ ভাষন ৰাখি সোনোৱাল কছাৰী কল্যাণ সংঘৰ সাধাৰণ সম্পাদক যুগল ফৰমালে সোনোৱাল কছাৰী বাইথ' সংস্কৃতি সম্পৰ্কত বক্তব্য দাঙি ধৰি কয় বিশ্বব্ৰহ্মাণ্ডৰ উৰণ,বুৰণ, গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱক যিয়ে সৃষ্টি কৰি লালন-পালন
কৰি আছে, সৰ্বশক্তিমান, নিৰাকাৰ ঈশ্বৰ বুলি জ্ঞান কৰা জনেই বাইথ' - তেওঁ কয় ।নিৰ্দিষ্ট বক্তাৰ ভাষনত সদৌ বাথৌ মহাসভাৰ সভাপতি মন্টু মুছাহাৰীয়ে কয় বড়ো জাতিৰ জাতীয় সত্বা, পৰিছয় দাঙি ধৰি অহা বাথৌ ধৰ্মৰ দৰ্শন, তাত্বিক দিশসমূহ বিজ্ঞানসন্মতভাৱে সংস্কাৰমুখী কৰি তুলি ইয়াক প্ৰণালীবদ্ধ আৰু সু-শৃংখলভাবে সজাই-পৰাই বাথৌৰ আচাৰ-নীতি, মূল্যবোধ, খাদ্যাভাসসমূহ সমাজ পৰিচালনা কৰোৱাৰ দিশত সাৰ্বজনীন প্ৰয়োগৰ ব্যৱস্থা কৰাটোয়ে বাথৌ মহাসভাৰ মহান দায়িত্ব বুলি মন্তব্য আগবঢ়ায়। ইফালে অবিভক্ত লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ সহস্ৰাধিক বাথৌ ধৰ্মপ্ৰাণ ৰাইজে উপস্থিত থকা সভাত দঞি প:ল য়েলাম কৌবাঙৰ উপ সভাপতি জন্মেশ্বৰ মেদক, সদৌ বাথৌ মহাসভাৰ যুটীয়া সম্পাদক ললিত চন্দ্ৰ বড়ো, সদৌ বাথৌ মহাসভাৰ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা ডালিমী মুছিহাৰী, প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি চবিন স্বৰ্গীয়াৰী, সংযুক্ত বড়ো গণ মঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক বিজেন্দ্ৰ বসুমতাৰী, ধেমাজি জিলা পৰিষদৰ সদস্যা সুভাৰানী বসুমতাৰী, অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক বিলাম্বৰ খেৰকটাৰী, আভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ভূমিধৰ বড়ো, উপ-সভাপতি বিনয় সেনগুপ্তা, জয়ন্ত বৰি, সা:সম্পাদক মনোৰঞ্জন বসুমতাৰী, সহ:সম্পাদক পদ্মেশ্বৰ দলে, ৰঞ্জিত দৈমাৰী, অশোক দৈমাৰী, নিলাচৰন স্বৰ্গীয়াৰী, প্ৰবীণ বসুমতাৰী, সভানেত্ৰী জয়াপ্ৰভা নাৰ্জাৰী, সা: সম্পাদিকা হাংমাশ্ৰী দৈমাৰী আদিয়ে উপস্থিত থাকে। আনহাতে যোৱা নিশা অনুষ্ঠিত হোৱা "বিশ্বব্যাপি বাথৌ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত বাস্তৱমুখী প্ৰয়াস" শীৰ্ষক বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে ভাষন ৰাখি সাহিত্য অকাডেমী বঁটা প্ৰাপক তথা সদৌ বাথৌ মহাসভাৰ উপদেষ্টা ড৹ মঙ্গলসিং হাজোৱাৰীয়ে কয় কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক এই তিনিটা গৌথাৰ বাথৌ চান (পবিত্ৰ বাথৌ দিৱস)ক নৈমিত্তিক বন্ধ হিচাপে আৰু ২০১৭ চনৰ ডিচেম্বৰৰ শেষৰ সপ্তাহত ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰে বুলি উনুকিয়ায়। তদুপৰি তেওঁৰ ভাষণত বাথৌ ধৰ্মক ভাৰতবৰ্ষৰ চৰকাৰী পঞ্জীয়নভূক্ত কৰিবলৈ বাথৌ মহাসভাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰচেষ্টা হাতত লোৱা হৈছে বুলিও উল্লেখ কৰি ইতিমধ্যে ভাৰত চৰকাৰৰ মহা পঞ্জীয়কৰ কাৰ্যলয়ে অসম চৰকাৰৰ জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ পৰা বড়ো সকলৰ পৰম্পৰাগত সামাজিক বিধি,বাথৌ ধৰ্মীয় প্ৰাৰ্থনা গীতৰ হিন্দী অথবা ইংৰাজী অনুবাদ, বাথৌ মহাসভাৰ সংবিধান আদি উল্লেখ থকা অনুমোদিত পত্ৰ ভাৰত চৰকাৰৰ মহা পঞ্জীয়কৰ কাৰ্যলয়লৈ প্ৰেৰণ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশনা দিয়াৰ কথা জানিবলৈ দিয়ে । আনহাতে যোৱা নিশা অনুষ্ঠিত প্ৰতিনিধি সভাত শুক্ৰধৰ বসুমতাৰীক সভাপতি, জুলেন চন্দ্ৰ বড়ো, বিলাম্বৰ খেৰকটাৰীক উপ সভাপতি, হেমন্ত বসুমতাৰীক সাধাৰণ সম্পাদক, মঙ্গলসিং মুছাহাৰীক সহঃ সাধাৰণ সম্পাদক, বুদ্ধদেৱ স্বৰ্গীয়াৰী,ৰঞ্জিত দৈমাৰী আৰু গোবিন লাহাৰীক সাংগঠনিক সম্পাদকহিচাপে লৈ একত্ৰিশ জনীয়াকৈ অবিভক্ত লক্ষীমপুৰ জিলা বাথৌ মহাসভাৰ কাৰ্যকৰী সমিতিখনৰ লগতে জয়াপ্ৰভা নাৰ্জাৰীক সভানেত্ৰী, ফুলেশ্বৰী দৈমাৰী , অমেলা খেৰকটাৰীক উপ সভানেত্ৰী, হাংমাশ্ৰী দৈমাৰীক সাধাৰণ সম্পাদিকা, মঞ্জুলা বড়ো, অনিতা বসুমতাৰীক সহঃ সম্পাদিকাহিচাপে লৈ অবিভক্ত লক্ষীমপুৰ জিলা বাথৌ মহাসভাৰ মহিলা সমিতিখন গঠন কৰা হয় । ইয়াৰোপৰি অবিভক্ত লক্ষীমপুৰ জিলা বাথৌ মহাসভাৰ যুৱ সমিতিখন ৰাজেশ বসুমতাৰীক সভাপতি আৰু প্ৰবীণ বসুমতাৰীক উপ সভাপতিহিচাপে নিৰ্বাচিত কৰা হয় যদিও সমিতিখন পৰবৰ্তী কাৰ্যনিৰ্বাহক সভাত পূৰ্ণাংগ সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয় ।

কৰবী দলে, জোনাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.