ETV Bharat / state

জোনাইত প্ৰশাসনৰ ক’ৰণাৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন - জোনাই বজাৰ,ৰুকচিন,মুৰ্কংচেলেক ৰেলৱে ষ্টেচন বজাৰ,তেলাম,বৈকুণ্ঠপুৰ বজাৰ,ডেকাপাম,লাইমেকুৰী বজাৰ,চিমেন চাপৰি, চমকং বজাৰ

জোনাই মহকুমা প্ৰশাসনৰ ক’ৰণা মহামাৰী সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সভা আৰু মাস্ক বিতৰণৰ কাৰ্যসূচী গ্ৰহণ ৷ মাস্ক পৰিধান নকৰাৰ লোকৰ পৰা জোনাই আৰক্ষীৰ ৯ হাজাৰ পাঁচশ টকা জৰিমনা সংগ্ৰহ ৷

Jonai adminsitrations  awerness porgamme covid -19
জোনাইত মহকুমা প্ৰশাসনৰ ক’ৰণা বিৰুদ্ধে সজাগতা সভাৰ আয়োজন
author img

By

Published : Sep 9, 2020, 3:56 PM IST

জোনাই ,৯ ছেপ্টেম্বৰঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বৰ্তমান ক’ৰণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ ক’ৰণা সংহাৰৰ কাল গ্ৰাসৰ পৰা ব্যতিক্ৰম নহয় ধেমাজি জিলা তথা জোনাই মহকুমা ৷ তেনে সময়তে জোনাই মহকুমাত সোমবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ক’ৰণা প্ৰতিৰোধ আৰু মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু জোনাই জনসংযোগ বিভাগৰ সহযোগত ক’ৰণা মহামাৰী সম্পৰ্কে সজাগতা সভা আৰু জনসাধাৰণৰ মাজত মাক্স বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷

জোনাইত মহকুমা প্ৰশাসনৰ ক’ৰণা বিৰুদ্ধে সজাগতা সভাৰ আয়োজন

জোনাই মহকুমা প্ৰশাসনে জোনাই বজাৰ,ৰুকচিন,মুৰ্কংচেলেক ৰেলৱে ষ্টেচন বজাৰ,তেলাম,বৈকুণ্ঠপুৰ বজাৰ,ডেকাপাম,লাইমেকুৰী বজাৰ,চিমেন চাপৰি, চমকং বজাৰ আদিত মাস্ক বিতৰণ কৰি ক’ৰণা ভাইৰাছৰ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰে ৷ এই সজাগতা সভাত জোনাই মহকুমাৰ দণ্ডাধীশ প্ৰীতম কুমাৰ দাস,নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, শৌবিক ভূঞা,জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱাই জনসাধাৰণক ক'ৰণা ভাইৰাছ প্ৰতিৰোধ সম্পৰ্কে আৰু মাস্ক পৰিধান কৰিহে ঘৰৰ বাহিৰলৈ ওলাবলৈ অনুৰোধ জনায় ৷ যদিহে জনসাধাৰণে মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলায় তেন্তে জোনাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এহেজাৰ টকা জৰিমনা বিহিবলৈ বাধ্য হ’ব বুলি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰে ।

উল্লেখযোগ্য যে,বুধবাৰে জোনাই আৰক্ষী থানাই জোনাই বজাৰ আৰু ৰাংকপত তিনিআলিত মাস্ক পৰিধান নকৰা লোকৰপৰা ৯ হাজাৰ পাঁচশ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ৷ আনহাতে মানুহে মানুহৰ বাবে আৰু North Eastern Soulmate of India ৰ সহযোগত সোমবাৰে জোনাই মহকুমাৰ বিভিন্ন ঠাইত ক’ৰণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ মাস্ক বিতৰণ কৰি ৰাইজক সজাগ হৈ থাকিবলৈ ভ্ৰাম্যমাণ সভাৰ যোগে অনুৰোধ জনায় ৷

লগতে পঢ়কঃ শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.