ETV Bharat / state

Jonai News: খৰি বুটলিবলৈ গৈ চিমেন নদীত আৱদ্ধ 7 জনকৈ লোক, SDRF বাহিনীৰ উদ্ধাৰ অভিযান - Stranded people rescued in Jonai

চিমেন নদীত আৱদ্ধ 7 জনকৈ লোক ৷ খৰি বুটলিবলৈ গৈ আৱদ্ধ হৈ পৰে চিমেন নদীৰ বুকুত ৷ SDRF বাহিনী আৰু ৰািজৰ তৎপৰতাত উদ্ধাৰ 7 জনকৈ আৱদ্ধ লোকক ৷

Jonai News
ৰি বুটলিবলৈ গৈ চিমেন নদীত আৱদ্ধ 7 জনকৈ লোক
author img

By

Published : Aug 13, 2023, 12:40 PM IST

খৰি বুটলিবলৈ গৈ চিমেন নদীত আৱদ্ধ 7 জনকৈ লোক

জোনাই, 13 আগষ্ট: শনিবাৰে চিমেন চাপৰিত চাঞ্চল্যকৰ ঘটনা ৷ চিমেন চাপৰিৰ চিমেন নদীত খৰি বুটলিবলৈ গৈ নদীৰ বুকুত আৱদ্ধ হৈ পৰিল সাত গৰাকী লোকক ৷ জানিব পৰা মতে শনিবাৰে পুৱাই চিমেন চাপৰিৰ ৩০ জনীয়া এটা দলে চিমেন নদীৰ বুকুত খৰি বুটলিবলৈ গৈছিল ৷ বিয়লি ভাগত চিমেন নদীত খৰি বুটলিবলৈ যোৱা দলটোৰ কেইবাজনো লোক নদীৰ বুকুত আৱদ্ধ হৈ পৰে ৷

অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চিমেন নদীৰ পানী হঠাৎ বাঢ়ি আহে ৷ ফলত ফেনে ফুটুকাৰে ওফন্দি উঠে নদীখনৰ পানী ৷ ইফালে খৰি বুটলি থকা দলটোৰ মাজৰে কেইজনমান আৱদ্ধ হৈ পৰে নদীৰ বুকুত ৷ লগে লগে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ আনহাতে স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰথম অৱস্থাত নদীৰ বুকুত আৱদ্ধ কেইজনমান উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু আন্ধাৰ হোৱাৰ বাবে 7 জনকৈ লোকক উদ্ধাৰ কৰিব পৰা নাছিল ৰাইজে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় জোনাই আৰক্ষী আৰু SDRF বাহিনী ৷

ৰাইজৰ সহযোগ আৰু SDRF বাহিনীৰ তৎপৰতাত নদীৰ বুকুত অভিযান চলাই আৱদ্ধ 7 গৰাকী লোকক উদ্ধাৰ কৰে SDRF বাহিনীয়ে ৷ উদ্ধাৰ কৰা সাতজন লোকৰ ভিতৰত 6 টাকৈ কিশোৰ আছিল বুলি জানিব পৰা গৈছে । এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজেৰে সুকলমে উদ্ধাৰ কৰে আৱদ্ধ 7 জনকৈ লোকক ৷ আৰক্ষীয়ে জনোৱা অনুসৰি উদ্ধাৰ কৰা 7 লোকৰ ঘৰ তিনিকোণীয়াত ৷ উদ্ধাৰ লোকক ভিতৰত 38 বয়সৰ এজন আৰু 6 জন 9-15 বছৰৰ ভিতৰৰ কিশোৰ আছিল ৷

লগতে পঢ়ক: Flood in Dhemaji: বানত বুৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.