ETV Bharat / state

একেদিনাই 7 টা আধাৰশিলা স্থাপন বিধায়ক ভূৱন পেগুৱে - মিঞা মিউজিয়াম

বিধায়ক উন্নয়ন পুঁজিৰ অধীনত জোনাইত মহকুমাত নিৰ্মাণ হ’ব লগা মুঠ ১৭ টা গড়কাপ্তানি পথৰ ভিতৰত জোনাইত ৭টা গড়কাপ্তানি পথৰ নিৰ্মাণৰ আধাৰশিলা আৰম্ভ কৰে বিধায়ক ভূৱন পেগুৱে ৷ এই আধাৰশিলা আৰম্ভণি অনুষ্ঠানত বিধায়কজনে জোনাই সমষ্টিৰ উন্নয়নৰ বাবে হাতত লোৱা আঁচনি সমূহৰ ওপৰতো আলোকপাত কৰে ৷

in a single day mla bhuban pegu laid seven foundation stone

author img

By

Published : Oct 31, 2020, 7:12 PM IST

জোনাই, ৩১ অক্টোবৰ : অসম চৰকাৰৰ দ্বাৰা অনুমোদিত এছ অ’ পি ডি জি শিতানত আৱন্টিত ৩৮ কোটি টকাৰ পেকেজৰ অধীনত কেইবাটাও আধাৰশিলা স্থাপন কৰে জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷ বিধায়ক উন্নয়ন পুঁজিৰ অধীনত জোনাইত মহকুমাত নিৰ্মাণ হ’ব লগা মুঠ ১৭ টা গড়কাপ্তানি পথৰ ভিতৰত জোনাইত ৭টা গড়কাপ্তানি পথৰ নিৰ্মাণৰ আধাৰশিলা আৰম্ভ কৰে বিধায়কজনে ৷

এই আধাৰশিলা আৰম্ভণি অনুষ্ঠানত বিধায়কজনে জোনাই সমষ্টিৰ উন্নয়নৰ বাবে হাতত লোৱা আঁচনি সমূহৰ ওপৰতো আলোকপাত কৰে ৷ জোনাই মহকুমাত জৰাজীৰ্ণ হয় থকা জোনাই বজাৰৰ পৰা বাহিৰ জোনাই পথ, জোনাই বজাৰ গান্ধী ৰোড পথ, ৰাংকপ তিনিআলিৰ পৰা জোনাই টাউন ক্লাৱৰ পথ আৰু জোনাই সপ্তাহিক বজাৰ পথৰ লগতে আৰু তিনিখন পথৰ আধাৰ শিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপনৰ পিচতে জোনাই সদৰৰ মাজমজিয়াত নিৰ্মাণ কৰি থকা যান-বাহন আস্থানত এখনি সভা অনুষ্ঠিত কৰে ৷ দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ্বৰ পেগু, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰায়, জোনাই পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, আঞ্চলিক পঞ্চায়তৰ সদস্য কমলা শৰ্মা, জোনাই ব্লক সমিতিৰ উপ-সভাপতি বীৰ বাহাদুৰ লিম্বুকে ধৰি কেইবাগাৰকীও বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত থাকে ৷

একেদিনাই 7 টা আধাৰশিলা স্থাপন বিধায়ক ভূৱন পেগুৱে

সভাত বিধায়ক ভূৱন পেগুক সাংবাদিকে সোধা প্ৰশ্নত উত্তত মিঞা মিউজিয়ামৰ ওপৰত নিজৰ মন্তব্য ৰাখি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৷ হিন্দু-মছুলমানৰ জাত-পাতৰ নিকৃষ্ট ৰাজনীতি কংগ্ৰেছে আৰম্ভ কৰা বুলি কটাক্ষ কৰে ৷ কংগ্ৰেছৰ আৰু এ.আই.ইউ.ডি.এফৰ মিত্ৰতাৰ ফলত অসমৰ ৰাইজে কংগ্ৰেছ দলক গ্ৰহণ নকৰা বাবে কংগ্ৰেছে জাত-পাতৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু ইয়াৰ ফলত অসমীয়াৰ স্বাভিমান আৰু জাগ্ৰত হ’ব বুলি বিধায়ক জনে কয় ৷ উক্ত সভাত উপস্থিত ৰাইজক সম্বোধন কৰি জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে কয় যে, জোনাই মহকুমাৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাই একমাত্ৰ মোৰ প্ৰধান লক্ষ্য বুলি কয় আৰু জোনাই বজাৰৰ দোকান পোহাৰ সমূহ শৃংখলাবদ্ধতাৰে ৰাখি স্বচ্ছতা বজাই ৰাখিব লৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক : কলিয়াবৰত সাতটা পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.