জোনাই, 19 জুলাই : ধেমাজি জিলাৰ জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ (Murkongselek Block Development Office) অন্তৰ্গত বহু কেইখন পঞ্চায়তত এমজিএনৰেগা(MGNREGA) আঁচনি ৰূপায়ণত সঘটিত হৈছে ব্যাপক অনিয়ম । ইয়াৰ চিলে পঞ্চায়তৰ বিভিন্ন প্ৰান্তত আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম । চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত কবু চাপৰিত এমজিএনৰেগা আঁচনি ৰূপায়ণৰ নামত লাখ লাখ টকাৰ ৰাজকোষৰ ধন শৰাধ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
গাঁওখনৰ ২নং, ৩ নং ৱাৰ্ডত কেইবাটাও এমজিএনৰেগা আঁচনিৰ কাম নামমাত্র সমাপন কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে একাংশৰ বিৰুদ্ধে ৷ ইয়াৰে ২ নং ৱাৰ্ডত ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্লেটফৰ্মখন নামমাত্র নিৰ্মাণ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । তেনেদৰে, প্ৰায় ৯ লাখ টকা ব্যায় সাপেক্ষে নির্মাণ কৰা কবু চাপৰিৰ দূৰ্গা মন্দিৰৰ পৰা গনেশ মন্দিৰ সংযোগী পথটো নামমাত্র এশ-ডেৰশ মিটাৰ বালি মাটিৰে নিৰ্মাণ কৰাত ক্ষুন্ন হৈ পৰিছে ৰাইজ ৷
নিৰ্মীয়মান পথটোৰ কাম আধাতে সামৰি দিয়াত এতিয়া পথটো পানীত বুৰ গৈছে ৷ ইফালে, বহু কেইখন আঁচনিত নিয়োগ কৰা শ্রমিকক হাজিৰা নিদিয়াৰো অভিযোগ কৰিছে একাংশ শ্রমিকে । মুঠৰ ওপৰত এতিয়া চিলে গাঁও পঞ্চায়তখন পঞ্চায়ত কৰ্মচাৰী আৰু প্রতিনিধিসকলৰ বাবে সোণৰ কণী পাৰা হাঁহলৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ।
উল্লেখ্য যে, কবু চাপৰিত সদ্য নির্মিত প্রায় বোৰ পিএমজিৱাই(PMGY) ঘৰ নিৰ্মাণৰ ক্ষেত্ৰটো সংঘটিত হৈছে ব্যাপক অনিয়ম । গাঁওখনত বান-খহনীয়াত জাহ যোৱা বহু লোকৰ আবাস গৃহৰ বিধ্বস্ত পকী খুটাবোৰ কম মূল্যত কিনি পঞ্চায়ত প্রতিনিধি তথা পঞ্চায়ত কৰ্মচাৰীৰ সৈতে বুজাবুজিৰে গৃহ নিৰ্মাণ কৰা দেখা গৈছে বহু হিতাধিকাৰীক । সম্প্ৰতি, অঞ্চলটোৰ একাংশ ৰাইজে আঁচনি ৰূপায়নৰ নামত সংঘটিত হোৱা অনিয়ম-দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ দাবী জনাইছে বিভাগীয় কর্তৃপক্ষক।
লগতে পঢ়ক : বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত গাইড বান্ধ