ETV Bharat / state

জোনাইৰ চিমেন চাপৰিত চোৰাং কাঠৰ ৰমৰমীয়া বেহা!

author img

By

Published : May 23, 2019, 3:41 PM IST

35 টা কাঠৰ কুণ্ডা জব্দ ৷ বনবিভাগ-আৰক্ষীৰ ভূমিকাত ৰাইজ বিতুষ্ট ৷

জোনাইৰ চিমেন চাপৰিত চোৰাং কাঠৰ ৰমৰমীয়া বেহা!

জোনাই , 23 মে': ধেমাজি জিলা বন সংমণ্ডলৰ অন্তৰ্গত জোনাইৰ চিমেন চাপৰিত এতিয়া চলিছে বন ধ্বংসৰ যজ্ঞ ৷ অভিযোগ অনুসৰি এটা বনমাফিয়া দুষ্টচক্ৰই অঞ্চলটোত প্ৰাপ্ত বিভিন্ন মূল্যৱান গছসমূহ কাটি তহিলং কৰাৰ পিচতে , এইবেলি অঞ্চলটোৰ ভূমি সংৰক্ষণ বিভাগৰ সামাজিক বননি কৰণত প্ৰাপ্ত খয়েৰ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাব ধৰিছে ৷

অঞ্চলটোত বহু দিনৰে পৰা এচাম দুৰ্নীতি পয়্যান বন বিষযা আৰু আৰক্ষীৰ সহযোগতেই বন ধ্বংস যজ্ঞ চলি আহিছে বুলি জনসাধাৰণে অভিযোগ তুলে ৷ বহু দিনৰ পৰা অঞ্চলটোত খয়েৰ কাঠকে ধৰি অন্যান্য মূল্যবান কাঠৰ লগতে কুণ্ডাৰ ব্যৱসায় চলি অহাৰ বিষয়ে আৰক্ষীয়ে জানিও কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷ ইপিনে যোৱা 19 তাৰিখে, বন বিভাগে চিমেন চাপৰি ভূমি সংৰক্ষণ বিভাগৰ সামাজিক বননিৰ, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অতিথি শালা চাৰিসীমা বেৰৰ পিছ ফালৰ পৰা 35 টা কাঠৰ কুণ্ডা জব্দ কৰে ৷ উল্লেখ্য যে , প্ৰাধিকাৰী বিষয়া চহিকুল ৰহমান, ধেমাজি সহকাৰী বন ৰক্ষক মতিউ ৰহমান আৰু জোনাই আঞ্চলিক বন বিষয়া ফকৰুল ইছলামৰ তৎপৰতাত , টেলাম খণ্ড বন পালক হেমচন্দ্ৰ পাঞাঙৰ নেতৃত্বত যোৱা এটি বনকৰ্মী দলে অভিযান চলাই উক্ত খয়েৰ কাঠৰ কুণ্ডা সমূহ জব্দ কৰে ৷ যদিও এই সন্দৰ্ভত কোনো দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে বন বিভাগে খয়েৰ কাঠৰ কুণ্ডা সমূহ জব্দ কৰে যদিও এই পৰ্যন্ত "কাঠৰ ল'ক মেজাৰমেন্ট" জব্দনামা প্ৰস্তুত নকৰাৰ বাবে স্থানীয় ৰাইজে এই ক্ষেত্ৰত বন বিভাগটোৰ উচ্চ পৰ্যায়ৰ বিষয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ৷

ইয়াৰ পূৰ্ৱেও 11 এপ্ৰিলত চিমেন চাপৰিৰ চেঙাজান বগৰীবাৰী এলেকাৰ পৰা 41 টা খয়েৰ গছৰ কুণ্ডা ধেমাজিৰ ডিমৌ খণ্ড বন পালকে জব্দ কৰিছিল যদিও উচ্চ পদ বিষয়াৰ হেচাত, জব্দ কৰিয়ে বন বিভাগে দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বন বিভাগে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ধেমাজি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰি জিলা উপায়ুক্তৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে ৷

Intro:Body:জোনাই চিমেন চাপৰিত চলিছে এইবাৰ খয়েৰ কাঠৰ ৰমৰমীয়া চোৰাং বেহা ৷

৩৫ টা কাঠৰ কুণ্ডা জব্দ ৷ বনবিভাগ-আৰক্ষীৰ ভূমিকাত ৰাইজ বিতুষ্ট ৷

কৰবী দলে, জোনাই ২৩ /৫/২১৯
ধেমাজি জিলা বন সংমণ্ডলৰ অন্তৰ্গত জোনাই, চিমেন চাপৰিত সৰব বন ধ্বংসৰ যজ্ঞ ৷ অঞ্চলটোত প্ৰাপ্ত বিভিন্ন মূল্যবান গছসমুহ কাটি তহিলং কৰাৰ পিছতে এইবাৰ বনমাফিয়া দুষ্টচক্ৰটোৱে অঞ্চলটোৰ ভুমি সংৰক্ষণ বিভাগৰ সামাজিক বননি কৰণত প্ৰাপ্ত খয়েৰ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলিব ধৰিছে ৷ অঞ্চলটোত বহু দিনৰ পৰা এচাম দুৰ্নীতি পয়্যান বন বিষযা আৰু আৰক্ষীৰ সহযোগতেই বন ধ্বংস যজ্ঞ চলি আহিছে বুলি জনসাধাৰণে অভিযোগ তুলিছে ৷প্ৰাপ্ত অভিযোগ অনুসৰি বহু দিনৰ পৰা অঞ্চলটোত খয়েৰ কাঠকে ধৰি অন্যান্য মূল্যবান কাঠৰ লগতে কুণ্ডাৰ ব্যৱসায় চলি অহাৰ বিষয়ে জানিও কোনো ব্যৱস্থা লোৱাৰ পৰিলক্ষিত হোৱা নাই ৷ কেতিয়াবা যদিও আৰক্ষীয়ে কাঠৰ গাড়ী ধৰিছে দিনৰ দিনটো থানাতে ৰাখি সন্ধিয়া সময়ত বুজাবুজি কৰি এৰি দিয়াৰ উদাহৰণ আছে ৷ ইপিনে যোৱা ১৯ তাৰিখ শনিবাৰৰ ৰাতি ১১বজাত চিমেন চাপৰি ভূমি সংৰক্ষণ বিভাগৰ সামাজিক বননিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্ম্মানত অতিথি শালা চাৰিসীমা বেৰৰ পিছ ফালৰ পৰা ১৬ জোপা খয়েৰ গছ বন ধ্বংসকাৰী মাফিয়াই খয়েৰ কুণ্ডা কৰি ৰক্ষা ঠাইৰ পৰা প্ৰায় ৩ ফুট দৈঘ্যৰ ৭০/৮০ চেন্টিমিটাৰ আকাৰৰ ৩৫ টা কুণ্ডা বন বিভাগে জব্দ কৰে ৷ অসাধু চক্ৰই চোৰাংকৈ গছ কাটি থকা খবৰ পাই ধেমাজি সংমণ্ডলৰ৷ প্ৰাধিকাৰী বিষয়া চহিকুল ৰহমান, ধেমাজি সহকাৰী বন ৰক্ষক মতিউ ৰহমান আৰু জোনাই আঞ্চলিক বন বিষয়া ফকৰুল ইছলামৰ তৰ্পৰতাত টেলাম খণ্ড বন পালক হেমচন্দ্ৰ পাঞাঙৰ নেতৃত্বত যোৱা এটি বনকৰ্মী দলে অভিযান চলাই উক্ত খয়েৰ কাঠৰ কুণ্ডাসমুহ জব্দ কৰিবলৈ সমৰ্থ হয় যদিও দুৰ্ষ্কৃতি কাৰীক ধৰিবলৈ সক্ষম নহ'ল ৷ বৰ্তমান বন বিভাগে খয়েৰ কাঠৰ কুণ্ডাসমুহ জব্দ কৰি চিমেন চাপৰিস্থিত বিভাগৰ কাৰ্যালয়লৈ আনি ৰাখে যদিও আজি বতৰি লিখা পৰলৈ কাঠৰ ল'ক মেজাৰমেন্ জব্দনামা প্ৰস্তুত নকৰাৰ বাবে স্থানীয় ৰাইজে এই ক্ষেত্ৰত বন বিভাগটোৰ উচ্চ পৰ্যায়ৰ বিষয়া জড়িত থকাৰো সন্দেহ কৰিছে ৷ ইয়াৰ পূৱেও যোৱা ১১ এপ্ৰিলত চিমেন চাপৰিৰ চেঙাজান বগৰীবাৰী এলেকাৰ পৰা ৪১টা একে খয়েৰ গছৰ কুণ্ডা ধেমাজিৰ ডিমৌ খণ্ড বন পালক পদ্মধৰ টায়ে জব্দ কৰিছিল যদিও উচ্চ পদ বিষয়াৰ হেচাত জব্দ কৰিয়ে বন বিভাগে দ্বায়িত্ব সামৰিলে বুলি অভিযোগ পোৱা গৈছে ৷ বন বিভাগে যাৰ বাৰীৰ পৰা খয়েৰ কাঠৰ কুণ্ডাসমুহ পাইছিল তেওঁ আনি কাৰ কাঠ কোনে ৰাখিলে তাক সুধিব লাগিছিল যদিও আজিকোপতি তাকে নকৰাত ধেমাজি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বন বিভাগটোৰ ওপৰত ক্ষুব্ধ প্ৰকাশ কৰি জিলা উপায়ুক্তৰ কাষ চাপিছে বুলি জানিব পাৰিছো ৷ আনহাতে শনিবাৰৰ ৰাতি জব্দ কৰা খয়েৰ কুণ্ডাসমুহ চোৰাং কৈ দুৰ্ষ্কৃতি কাৰীয়ে কাটি নিয়াৰ সম্পৰ্কত চিমেন চাপৰি ভূমি সংৰক্ষণ বিভাগৰ খণ্ড ভূমি বিষয়া কাৰ্যালয়ৰ খণ্ড ভুমি পালকৰ স্বাক্ষৰেৰে কালি চিমেন চাপৰি আৰক্ষী থানাত তেওঁ কৰ্মচাৰী হাতেৰে এখন এজাহাৰ দিয়ে ৷ চিমেন চাপৰি আৰক্ষী থানাৰ ৩০/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ ধাৰা আৰু অসম ফৰেষ্ট এক্টৰ ৪০/৪১ ধাৰাত গোচৰ পঞ্জীয়ণ কৰিছে ৷ আনহাতে যিহেতু ভূমি সংৰক্ষণ বিভাগৰ সামাজিক বননিকৰণৰ পৰা চোৰাং চক্ৰটোৱে গছ কাটি তহিলং কৰিছে যদিও বিভাগৰ খণ্ড ভূমি সংৰক্ষক বিষয়াজনে ক'ত ক'ত গছ কাটি নিছে বিতং ভাৱে ক'ব পৰা নাই আৰু থানাত এজাহাৰ দিয়ে নিজৰ দ্বায়িত্ব পৰাই হাত হাৰিব বিচাৰিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ উত্থাপিত অভিযোগ অনুসৰি থানাত এজাহাৰ দাখিল কৰিলে যদিও বাতৰি লিখা পৰলৈ তেওঁ আৰক্ষীক কোনো সহায় কৰা নাই যাৰ সফল ৰাইজে চোৰাং খয়েৰ কাঠৰ কাৰবাৰ বহু দিনৰ পৰাই চলি আহিছে আৰু কমিচন লেনদেনৰ অংক নিমিলাৰ বাবেহে ৰাইজক কাঠ ধৰি নাটক কৰিছে বুলি অভিযোগ কৰিছে ৷

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.