ETV Bharat / state

আবকাৰী বিভাগৰ অভিযানত জব্দ অৰুণাচলী সুৰা

author img

By

Published : Sep 13, 2022, 12:21 PM IST

গহপুৰৰ বৰঙাবাৰীত অবৈধ অৰুণাচলী সুৰা জব্দ(Illegal liquor seized at Gohpur) । সুৰাখিনিৰ আনুমানিক মূল্য ৪০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জনায় ।

Illegal liquor seized at Gohpur
গহপুৰত জব্দ অবৈধ অৰুণাচলী সুৰা

গহপুৰ ১২ ছেপ্টেম্বৰ: বিশ্বনাথৰ গহপুৰ মহকুমাৰ বিভিন্ন স্থানত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ বেহা (Illegal Arunachal liquor trade continues)। অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে গহপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Strict action against illegal sale of liquor) । সোমবাৰে গহপুৰৰ বৰঙাবাৰীত ঘাঁহিগাঁও আৰক্ষীয়ে (নাকা )তালাচি চলাই জব্দ কৰিবলৈ সক্ষম হয় কাৰ্টনে কাৰ্টনে অৰুণাচলী সুৰা (Illegal liquor seized at Gohpur) ।

গহপুৰ মহকুমা আৰক্ষী থানাৰ অন্তৰ্গত ঘাঁহিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱেন্দ্ৰ মুছাহাৰীৰ নেতৃত্বত চলা অভিযানত জব্দ হয় ৩৬ কাৰ্টন বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰা ৷ লগতে জব্দ কৰিবলৈ সক্ষম হয় কেইবাটাও বিয়েৰৰ বটল ।

আবকাৰী বিভাগৰ অভিযান: জব্দ অৰুণাচলী সুৰা

উল্লেখ্য যে, এখন বগা ৰঙৰ স্ক'ৰপিঅ' বাহনত এই বৃহৎ পৰিমাণৰ সুৰা কঢ়িয়াই নিয়া তথ্য আৰক্ষীয়ে লাভ কৰাৰ পাছতে অভিযান চলায় বাহনসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন দুজন ক্ৰমে দিগন্ত দাস (৩২) বাবুল দাস (২৮) বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

জব্দকৃত স্ক'ৰপিঅ' বাহনখনৰ নম্বৰ হৈছে AS 01 BP 8700। সুৰাখিনিৰ আনুমানিক মূল্য ৪০ হাজাৰ টকা বুলি আৰক্ষীয়ে জনায় । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । অবৈধ সুৰাসমূহ গহপুৰ ৰাজগড়ৰ পৰা বিহালীলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক: অভিশপ্ত ১২ ছেপ্টেম্বৰ : ২৩ বছৰে ন্যায় নাপালে মাহমৰাৰ উমা গগৈৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.