ETV Bharat / state

Allegations of encroachment: মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে চিমেন চাপৰি চিকিৎসালয়ৰ ভূমি বেদখলৰ অভিযোগ - dhemaji today news

মিচিং স্বায়ত্তশাসিত পৰিষদে প্ৰস্তাৱিত জোনাই চিমেন চাপৰি চিকিৎসালয়ৰ ভূমিত অবৈধভাৱে বেৰ নিৰ্মাণৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ শীঘ্রে নিৰ্মাণ কাৰ্য বন্ধৰ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

Allegations of encroachment
চিমেন চাপৰি চিকিৎসালয়ৰ ভূমিত বেদখল
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 9:13 AM IST

চিমেন চাপৰি চিকিৎসালয়ৰ ভূমি বেদখল

জোনাই, 18 ছেপ্টেম্বৰ: জোনাই মহকুমাৰ চিমেন চাপৰিৰ প্ৰস্তাৱিত চিকিৎসালয়ৰ ভূমিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ কাৰ্য চলোৱাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা সঁজাতি দলে দেওবাৰে অসম চৰকাৰে ইতিমধ্যে চিকিৎসালয়ৰ বাবে আৱণ্টন দিয়া চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ 17 নং দাগ নম্বৰৰ 20 বিঘা ভূমি পৰিদৰ্শন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ চলাই থকা পকী বেৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

চিমেন চাপৰিৰ চিকিৎসালয় নিৰ্মাণৰ বাবে আৱণ্টন পোৱা চৰকাৰী ৰাজহুৱা ভূমিত মিচিং স্বায়ত্তশাসিত পৰিষদে অবৈধভাৱে নিৰ্মাণকাৰ্য চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । চিকিৎসালয় প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে আৱন্টন দিয়া চিমেন চাপৰি ৰাজহুৱা ভূমিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা চৌহদ বেৰ নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গণত অঞ্চলটোৰ বিভিন্ন দল, সংগঠন, বুদ্ধিজীৱী, সাধাৰণ ৰাইজৰ উপস্থিতিত দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ।

সভাৰ জৰিয়তে মিচিং স্বায়ত্তশাসিত পৰিষদৰ বেৰ নিৰ্মাণৰ বিৰোধিতা জনায় নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবী তোলাৰ লগতে আধাৰুৱা চৌহদ বেৰ ভাঙিবৰ বাবেও দাবী জনাই আহিছে । কিন্তু বৰ্তমানো নিৰ্মাণ কৰা চৌহদ বেৰ উঠাই নেপেলোৱা কাৰ্যত তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা আৰু চিমেন চাপৰি আঞ্চলিক সমিতিয়ে । শীঘ্ৰে উক্ত ৰাজহুৱা ভূমিত অবৈধভাৱে চৌহদ বেৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি আধাৰুৱাকৈ নিৰ্মাণ কৰা খুঁটাবোৰ আতৰাই নিবলৈ দাবী জনাইছে ।

ভূমি পৰিদৰ্শন কালত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লক্ষ্য চেতিয়া, ক্ৰীড়া সম্পাদক খগেন বৰগোহাঞি, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নিতুল নিয়ৰ শইকীয়া, সাধাৰণ সম্পাদক হিৰণ্য বৰা, সদস্য মনোজ ভঁৰালী, মানস প্ৰতিম গগৈ উপস্থিত থাকে ।

লগতে পঢ়ক: Protest at Rohmoria: ৰহমৰীয়াত কোটি টকীয়া জিঅ' বেগৰ আঁচনিৰ কামত ব্যাপক বিসংগতি; ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.