ETV Bharat / state

কালীপূজা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

জোনাইৰ ১নং মুৰ্কংচেলেকত সৃষ্টি উত্তপ্ত পৰিস্থিতি ৷ কালী পূজা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত ৷ পৃথকে পৃথকে এজাহাৰ দাখিল ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

author img

By

Published : Nov 16, 2020, 8:35 PM IST

As_Jonai_hot_situstion_of_kali_puja_img_ASC10072
জোনাইত কালী পূজা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

জোনাই,16 নৱেম্বৰ: দীপাৱলীৰ উৎসাহৰ মাজতে জোনাইৰ ১নং মুৰ্কংচেলেকত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ কালী পূজা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি জোনাইত দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ উত্থাপিত অভিযোগ মতে, নেপালী বস্তিস্থিত মুৰ্কংচেলেক লক্ষী-দুৰ্গা মন্দিৰত তুশাৰ ঙাতে নামৰ ব্যক্তিজনৰ নেতৃত্বত যোৱা এটা দলে মন্দিৰৰ প্ৰৱেশদ্বাৰত গুৰিয়াই দিয়াৰ লগতে পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও পূজা কমিটিক ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত নিশাৰ ভাগত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ পৰবৰ্তী সময়ত ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে পূজাস্থলীত উদ্ভণ্ডালি কৰা তুশাৰ ঙাতেক আটক কৰাৰ পৰিৱৰ্তে পূজা কমিটিৰ সভাপতি আৰু সম্পাদকক আটক কৰি ওৰে নিশা জোনাই থানাত বহুৱাই ৰাখে ৷ আৰক্ষী এই সন্দেহজনক ভূমিকাত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পূজা কমিটিয়ে ৷

আনহাতে, নিশাৰ ভাগতে মন্দিৰ বন্ধ কৰি দিয়ে পূজা কমিটিয়ে ৷ দেওবাৰে সন্ধিয়া পুনৰ জোনাই থানাৰ উপ-পৰিদৰ্শক মুহিধৰ ৰামচিয়াৰীৰ তৎপৰতাত মন্দিৰৰ দুৱাৰ খোলাৰ ব্যৱস্থা কৰা হয় ৷ ইফালে তুষাৰ ঙাতেয়ে পূজা কমিটিক ভাবুকি দিয়া সন্দৰ্ভত মুৰ্কংচেলেক লক্ষী নেপালী মন্দিৰ কমিটিয়ে জোনাই থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ তাৰ লগে লগে তুশাৰ ঙাতেয়ে পূজা কমিটিৰ অভিযোগ নসাৎ কৰি অপপ্ৰচাৰ চলোৱা বুলিও জোনাই থানাত এজাহাৰ দাখিল কৰিছে ৷ জোনাই আৰক্ষীয়ে দুয়োখন এজাহাৰৰ ভিত্তিতেই গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বৰপেটাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.