ETV Bharat / state

গোগামুখত প্ৰতিবাদকাৰীৰে বাক বিতণ্ডাত লিপ্ত আৰক্ষী - AJYCP Dhemaji

লক ডাউনৰ সুযোগতে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সৰবৰাহ কৰি থকা হৈছে নিৰ্মাণ সামগ্ৰী ৷ এই ঘটনাক কেন্দ্ৰ কৰি ধেমাজিৰ গোগামুখত মঙলবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ সামগ্ৰী সৰবৰাহৰ খবৰ লাভ কৰি বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী আদবাটতে উপস্থিত হৈ সামগ্ৰী কঢ়িয়াই অনা বাহনক আৱদ্ধ কৰি ৰাখে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে প্ৰতিবাদকাৰীসকলক ৷

hungama between police and protesters at gogamukh dhemaji assam etv bharat news
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jul 8, 2020, 2:20 PM IST

ধেমাজি, 8 জুলাই: নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সময়ে সময়ে সাব্যস্ত হৈ আছে তীব্ৰ প্ৰতিবাদ ৷ চৰকাৰে লক ডাউনৰ সুযোগতে প্ৰকল্পটোৰ নিৰ্মাণৰ সামগ্ৰী সৰবৰাহ কৰাৰো খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ চলিত মাহৰ প্ৰথম সপ্তাহত এনএইচপিচি-ৰ নগাঁৱৰ শেনচোৱাস্থিত গুদামৰ পৰা সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে ইতিমধ্যে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ শেনচোৱা ৰে’ল ষ্টেচনৰ সমীপতে নিৰ্মাণ সংস্থাটোৱে সৰবৰাহৰ বাবে সাজু কৰি ৰাখিছিল এইসমূহ নিৰ্মাণ সামগ্ৰী। এই খবৰ লাভৰ পিছতে জিলা সমিতিৰ কেবাগৰাকীও নেতা-সদস্য উপস্থিত হৈ সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবাদ

একেই ঘটনা মঙলবাৰে সংঘটিত হৈছে ধেমাজি জিলাৰ গোগামুখত ৷ গোগামুখত বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত হৈ জলবিদ্য়ুৎ প্ৰকল্পলৈ নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ বিষয়ে জানিব পাৰি সাব্য়স্ত কৰে উত্তাল প্ৰতিবাদ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীৰে সৈতে লিপ্ত হয় তীব্ৰ বাক-বিতণ্ডাত ৷ পৰৱৰ্তী সময়ত ধেমাজি জিলা প্ৰশাসনে দলটোৰ মাজৰ পৰা আটক কৰে 60 গৰাকী প্ৰতিবাদকাৰীক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, এখন টাৰবাইন সহিতে বৃহৎ যন্ত্ৰাংশ গোগামুখ আহি পোৱাৰ পূৰ্বে খবৰ লাভ কৰে স্থানীয় বিভিন্ন দল-সংগঠনে ৷ পুৱতি নিশা জিলাখনৰ ঘাগৰমুখেৰে দুলুংমুখ হৈ প্ৰকল্পস্থলীলৈ এই সামগ্ৰীসমূহ কঢ়িয়াই নিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও দুলুংমুখৰ বাযুসেনা বিভাগৰ শিবিৰৰ সমীপত আবদ্ধ হৈ পৰে এনএল 02 কে 6801 নম্বৰৰ সামগ্ৰীভৰ্তি বাহনখন ৷ আনহাতে,ডব্লিউ বি 11 বি 8696 নম্বৰৰ অন্য এখন বাহন এনএইচপিচি অভিমুখে যোৱাৰ সময়তে পথ অৱৰোধ কৰি জব্দ কৰে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা,অনুসূচিত জাতি ছাত্ৰ সন্থা আদিকে ধৰি বিভিন্ন দল-সংগঠনে ৷

লগতে চাওকঃ চিৰাঙত সহস্ৰাধিক লোকৰ বিপিএফত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.