ETV Bharat / state

অসম-অৰুণাচল সীমান্তত জব্দ 10 কুইণ্টল চোৰাং চাউল - চোৰাং চাউল

মঙলবাৰে অসম-অৰুণাচল সীমান্তৰ ৰুকচিনত জব্দ কৰা হয় 10 কুইণ্টল সুলভ মূল্যৰ চাউল ৷ বলেৰ’ পিক আপ ভানেৰে অৰুণাচল প্ৰদেশলৈ লৈ যোৱা অৱস্থাতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে চাউল ভৰ্তি বাহনখন ৷

retail rice seized
ৰুকচিনত সুলভ মূল্যৰ চাউল জব্দ
author img

By

Published : May 26, 2021, 2:30 PM IST

জোনাই,26 মে’: ধেমাজি জিলাৰ জোনাইৰ পৰা মঙলবাৰে অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰা মুঠ 10 কুইণ্টল সুলভ মূল্যৰ চাউল জব্দ কৰে আৰক্ষীয়ে ৷ অসম-অৰুণাচল সীমান্তৰ ৰুকচিনত জব্দ কৰা হয় চাউলখিনি ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পুৱাৰ ভাগত AS-15C-8985 নম্বৰৰ বলেৰ’ পিক আপ ভানত লৈ যোৱাৰ সময়তে স্থানীয় লোকে প্ৰত্যক্ষ কৰে চাউল ভৰ্তি বাহনখন ৷

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ৰুকচিনত জোনাই মহকুমা প্ৰশাসন ফালৰ পৰা দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক শুভ লাহন আৰু কৈলাশ বৰুৱাই জব্দ কৰে বাহনসহ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ৷ জব্দ কৃত চাউলখিনি জোনাই বজাৰৰ অজয় কুমাৰ আগৰৱালা ওৰফে মুন্না বাজাজ নামৰ ব্যৱসায়ীজনৰ বুলি জানিব পৰা গৈছে ৷ বহুদিনৰ পৰাই এইজন ব্যৱসায়ীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাংভাৱে অৰুণাচললৈ নিয়া বুলি বুলি বিশেষ সূত্ৰে প্ৰকাশ পাইছে ৷

ৰুকচিনত সুলভ মূল্যৰ চাউল জব্দ

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে জোনাই মহকুমাটো অসাধু চক্ৰই ক’লা বজাৰত যোগান ধৰি আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ৷ খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে যোগান ধৰা বিনামূলীয়াকৈ চাউল চৰকাৰী ৰেচনৰ দোকান আহি পোৱাৰ পূৰ্বে অধিকাংশ চাউলৰ বস্তা গোপনে নিয়া হয় ক’লা বজাৰলৈ ৷ এই চাউলসমূহ ব্যৱসায়ীয়ে অধিক দামত গ্ৰাহকক বিক্ৰী কৰি আছে ৷

এনেদৰে এতিয়া চৰকাৰী সুলভ মূল্যৰ চাউলৰ নামত এক বৃহৎ চিণ্ডিকেট আৰু কেলেংকাৰী চলি থকা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ জোনাইত অব্যাহত আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰী আৰু ছিণ্ডিকেট কার্য ৷ এই অসাধু চক্ৰটোক সম্পূর্ণৰূপে উৎখাত কৰাত মহকুমা দণ্ডাধীশ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : নগাঁৱত অপৰাধ ৰোধৰ প্ৰতিশ্ৰুতি দিলে আনন্দ মিশ্ৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.