ETV Bharat / state

Felicitation Program in Jonai: জোনাইত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

author img

By

Published : Jul 15, 2022, 8:09 PM IST

জোনাই মহকুমাৰ অন্তৰ্গত গালী বৰবালী মিলি দ:লুং টাকাম মিলি অপৃন কৌবাং জোনাই মংকেৰ উদ্যোগত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত(HSLC Exam 2022) আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ(HS result 2022) শিক্ষাৰ্থীসকলক সম্বৰ্ধনাৰ লগতে অভিনন্দন জনোৱা হয় ৷

Felicitation program in Jona
জোনাইত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান

জোনাই, 15 জুলাই: জোনাই মহকুমাৰ অন্তৰ্গত গালী বৰবালী মিলি দ:লুং টাকাম মিলি অপৃন কৌবাং জোনাই মংকেৰ উদ্যোগত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC Exam 2022) আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ(HS result 2022) শিক্ষাৰ্থীসকলক সম্বৰ্ধনাৰ লগতে অভিনন্দন জনোৱা হয় (Felicitation program in Jonai) ৷

জোনাই মংকেৰ মিলি অপৃণ কৌবাঙৰ সভাপতি অমৰজ্যোতি মিলিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ধৰ্মকান্ত মিলিয়ে ৷ আজিৰ সম্বৰ্ধনা অনুষ্ঠানত ১৭ গৰাকী কৃতী শিক্ষাৰ্থীক জোনাই মংকেৰ মিলি অপৃন কৌবাঙৰ ফালৰ পৰা মিচিং ঐৰকক আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত গালী আঞ্চলিক সমিতিৰ টিএম পি কেৰ সভাপতি বিজয় পেগুৱে উপস্থিত থাকি গুণগত শিক্ষা গ্ৰহণ কৰি নিজৰ লগতে সমাজৰ লগতে নিজ বংশৰ নাম অধিক উজ্জ্বল কৰাৰ লগতে পৰিবেশ সংৰক্ষণৰ প্ৰতি ছাত্ৰাৱস্থাৰ পৰা সচেতন তথা অভ্যস্ত হ’বলৈ কৃতী শিক্ষাৰ্থীসকলক পৰামৰ্শ আগবঢ়ায় ।

জোনাই আঞ্চলিক সমিতিৰ টাকাম মিচিং পৰিণ কৌবাঙৰ সহকাৰী সাধাৰণ সম্পাদক দীনেশ পেগুৱে কয় শিক্ষক-ছাত্ৰ-অভিভাৱকৰ ত্ৰিকোণীয় প্ৰচেষ্টাতহে ছাত্ৰ-ছাত্ৰীসকলৰ উপযুক্ত গুণগত শিক্ষা গ্ৰহণ সম্ভৱপৰ ৷ একাগ্ৰতাৰে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত মনোনিৱেশ কৰিবলৈও তেখেতে আহ্বান জনায় ৷

সভাৰ শেষত টাকাম মিলি অপৃন কৌবাং জোনাই মংকেৰ সদস্য সঞ্জয় মিলিয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গঠনমূলক বক্তব্য আগবঢ়ায়৷ সম্বৰ্ধনা অনুষ্ঠানত টাকাম মিলি অপৃন কৌবাং জোনাই মংকেৰ সভাপতি অমৰজ্যোতি মিলি, সম্পাদক ধৰ্মকান্ত মিলি, সদস্য সঞ্জয় মিলি, জুলেট মিলি, ৰমেশ মিলি, দিবাকৰ মিলি, বসন্ত মিলি, অনিল মিলি, বিশ্ব মিলি, বিমল মিলি, দুলানাথ মিলিৰ লগতে টাকাম মিলি অপৃন কৌবাং জোনাই মংকেৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু বহু গন্যমান্য লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: COVID Vaccination Amrit Mahotsava: শিৱসাগৰত Covid19 ভেকছিন অমৃত মহোৎসৱৰ শুভ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.