ETV Bharat / state

Rape Case: জঘন্য! বনকৰা কিশোৰীক ধৰ্ষণ হোটেলৰ স্বত্বাধিকাৰীৰ - Press meet against Rape accused

ধেমাজি জিলাত জঘন্য ঘটনা ৷ হোটেলত কাম কৰোৱাৰ চলেৰে কিশোৰীক লৈ গৈ ধৰ্ষণ হোটেলৰ স্বত্বাধিকাৰীৰ (Hotel owner rapes minor girl) ৷

Hotel owner rapes minor girl in Dhemaji
বনকৰা কিশোৰীক ধৰ্ষণ হোটেলৰ স্বত্বাধিকাৰীৰ
author img

By

Published : Mar 24, 2023, 10:55 PM IST

বনকৰা কিশোৰীক ধৰ্ষণ হোটেলৰ স্বত্বাধিকাৰীৰ

গুৱাহাটী, ২৪ মাৰ্চ: বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চৰকাৰে চলোৱা অভিযানৰ সময়তে আন এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে । ধেমাজি জিলাৰ চিমেন চাপৰিত এক ভয়ংকৰ ধৰ্ষণকাণ্ড সংঘটিত হৈছে (Rape case in Dhemaji)। পিতৃ মাতৃহীনা এগৰাকী কিশোৰীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত দুৰ্ভোগীয়া কিশোৰী গৰাকীৰ ভাতৃয়ে সদৰী কৰা অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁৰ ভগ্নীক চিলাপথাৰৰ ব্যৱসায়ী মাধৱ কৃষ্ণ গোস্বামী নামৰ লোকজনে ধৰ্ষণ কৰিছিল (Hotel owner rapes minor girl)। চিলাপথাৰত শ্ৰী শ্ৰী সেৱাশ্ৰম নামেৰে এখন অনাথ আশ্ৰম পৰিচালনা কৰা গোস্বামীয়ে প্ৰথম অৱস্থাত কিশোৰীগৰাকীক নিজৰ আশ্ৰমত ৰাখিছিল ।

শিশু অৱস্থাতে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ অৰুণাচল প্ৰদেশৰ এটা জনজাতীয় পৰিয়ালত বনকৰা ছোৱালী হিচাপে আছিল কিশোৰীগৰাকী (Minor Girl rape at Chimen Chapari)। কিন্তু তাত যথেষ্ট কষ্টৰ সন্মুখীন হৈ পলাই আহে কিশোৰীগৰাকী ৷ তাৰ পিচতে কিশোৰীজনীক সদাশয় লোকে ধেমাজিৰ চিলাপথাৰৰ শ্ৰীশ্ৰী সেৱাশ্ৰম নামৰ শিশু গৃহলৈ প্ৰেৰণ কৰিছিল। উক্ত আশ্ৰমখনৰ তত্বাৱধায়ক আছিল মাধৱ কৃষ্ণ গোস্বামী।

২০১৮ চনত শিশু গৃহটি চৰকাৰে বন্ধ কৰি দিয়াত নগাঁৱৰ শিশু গৃহলৈ অন্য কিশোৰীৰ লগতে ভুক্তভোগী কিশোৰীগৰাকীকো স্থানান্তৰ কৰা হৈছিল (Press meet against Rape accused)। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক আদালতে ককায়েকক চমজায় দিয়ে । কিন্তু ইয়াৰ পিচতে মাধৱ কৃষ্ণ গোস্বামীয়ে পুনৰ কিশোৰীগৰাকীক ককায়েকৰ পৰা খুজি লৈ তেওঁৰ হোটেলতে কৰ্মচাৰী হিচাপে নিয়োগ কৰে ।

হোটেলখনত নিয়োগ লাভ কৰাৰ পিছতে কিশোৰীগৰাকীৰ ওপৰত দিনে নিশাই যৌন নিৰ্যাতন চলোৱা আৰম্ভ কৰে স্বত্বাধীকাৰী গোস্বামীয়ে । গোস্বামীয়ে দিনৰ ভাগত কামত খটুৱাই নিশা হ’লে উপৰ্যুপৰি ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক ৷ হোটেল খনতে চি চি কেমেৰা বন্ধ কৰি কিশোৰীগৰাকীক ধর্ষণ কৰিছিল গোস্বামীয়ে ৷

এই ঘটনাৰ পিচতে কিশোৰীগৰাকীয়ে ধৰ্ষণ কৰা কথা মাধৱ কৃষ্ণ গোস্বামীৰ পত্নী ৰূপাঞ্জলি গোস্বামীক অৱগত কৰিছিল ৷ কিন্তু ৰূপাঞ্জলি গোস্বামীয়ে এই কথা অন্য ৰূপ দিবলৈহে চেষ্টা কৰিছিল ৷

দিন বাগৰি যোৱাৰ লগে লগে কিশোৰীগৰাকীয়ে গোস্বামীৰ অত্যাচাৰ তিষ্ঠিব নোৱাৰি যোৱা ২৭ ফেব্ৰুৱাৰীত মনে মনে লখিমপুৰলৈ পলায় আহে ৷ সংবাদমেলত কিশোৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি লম্পট মাধৱ কৃষ্ণ গোস্বামীয়ে পূৰ্বতে কেইবাগৰাকীও অসহায় কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ আছে ।

আনকি নিজৰ তোলনীয়া জীয়াৰীকো গোস্বামীয়ে ধৰ্ষণৰ কৰাৰ চেষ্টা চলাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে । পূৰ্বতে দুবাৰকৈ ৰঙাঘৰৰ আলহী হোৱা গোস্বামীয়ে ধনৰ বলত মুক্তি লাভ কৰিছিল বুলি সদৰী কৰে কিশোৰীগৰাকীৰ ভাতৃয়ে ।

মাধৱ কৃষ্ণ গোস্বামীৰ এই জঘন্য কাণ্ড সন্দৰ্ভত লখিমপুৰ সদৰ থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিচতো আৰক্ষীয়ে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে । অসহায় কিশোৰীগৰাকীৰ ভাতৃয়ে এই সন্দৰ্ভত উপযুক্ত ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক: Necrophiliac Psycho killer: চাঞ্চল্যকৰ ! বৃদ্ধা মহিলাক হত্যা কৰি মৃতদেহৰ সৈতে যৌন সম্ভোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.