জোনাই, ২২ নৱেম্বৰঃ ধেমাজি জিলাৰ মাজৰবাৰীত মঙলবাৰে এটা দুষ্প্ৰাপ্য সুগৰি পহু উদ্ধাৰ কৰা হয় (Hog deer rescued at Majarbari)৷ মাজৰবাৰী দেবেন্দ্ৰনগৰ গাঁৱৰ ধাননি পথাৰত পুৱা প্ৰায় 8 বজাত ৰাইজে এটা সুগৰি পহু বিচৰণ কৰি থকা ৰাইজে প্ৰত্যক্ষ কৰে ৷ দুৰ্লভ পহুটো দেখি ৰাইজে ধৰিবলৈ খেদি যাওঁতেই পহুটোৱে ভয় খাই ২ নং দেবেন্দ্ৰনগৰ গাঁৱৰ কনক মিলিৰ পুখুৰীটোত জপিয়াই দিয়ে(Hog deer rescued in Dhemaji) ৷
অৱশ্য়ে গাঁৱৰ লোকে পুখুৰীৰ পৰা সুগৰি পহুটো উদ্ধাৰ কৰি দীনেশ ৰাজবংশী নাম এগৰাকী লোকৰ ঘৰত নিৰাপদে ৰাখি পহুটোক প্ৰাথমিক চিকিৎসা কৰিবলৈ চেষ্টা কৰে (Forest department rescued hog deer at Jonai) ৷ পহুটোৰ অৱস্থা বিষম দেখি গাওঁবাসীয়ে বন বিভাগক খবৰ দিয়ে ৷
গঞাৰ খবৰ পোৱা মাত্ৰকেই তেলাম খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মচাৰী হেমচন্দ্ৰ পাঞাং, কৃষ্ণ গগৈ, ডিমৌ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মচাৰী, ডিমৌ আৰক্ষী চকীৰ আৰক্ষী বিষয়া গাঁওখনত উপস্থিত হয় ৷
বন বিভাগৰ লোকে আহি মাজৰবাৰী দেবেন্দ্ৰনগৰ গাঁৱৰ পৰা সুগৰি পহুটো চমজি লয় ৷ ইয়াৰ পাছতে ধেমাজি বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ পৰা বন কৰ্মচাৰী মুজিবুৰ ৰহমানৰ নেতৃত্বত অহা দলে পহুটো লৈ যায় আৰু পানীত পৰাৰ বাবে অসুস্থ হৈ থকা পহুটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷ পহুটো সুস্থ হৈ উঠাৰ পিছতেই বন বিভাগৰ লোকে কাজিৰঙা অথবা পঠালি পাহাৰৰ দৰে উপযুক্ত ঠাইত পহুটো মেলি দিয়াৰ ব্যৱস্থা কৰিব বুলি সদৰী কৰে ৷
উল্লেখ্য যে জনবিস্ফোৰণৰ ফলত বনাঞ্চল হ্ৰাস পাই অহাৰ পৰিপ্ৰেক্ষিতত চিমেন চাপৰিৰ জামজিং বনাঞ্চল অথবা অৰুণাচল প্ৰদেশৰ পৰা সুগৰি পহুটো জনাঞ্চললৈ ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে ৷
লগতে পঢ়ক: ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা