ETV Bharat / state

জোনাইত ধুমুহাৰ তাণ্ডৱ - অসম অৰুণাচল সীমান্ত

আৱতৰীয়া ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিলে জোনাই মহকুমাৰ বিভিন্ন অঞ্চল ৷ বতাহ-ধুমুহাৰ ফলত অসম-অৰুণাচল সীমান্তত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শ শ যান-বাহন আৱদ্ধ ৷

heavy storm
জোনাইত ধুমুহাৰ তাণ্ডৱ
author img

By

Published : Nov 6, 2020, 8:12 AM IST

জোনাই,৫ নবেম্বৰ : প্ৰৱল ধুমুহা আৰু বিধ্বংসী শিলাবৃষ্টিয়ে জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ কুৰিখনৰো অধিক গাঁৱৰ মাজত ভয়াবহ তাণ্ডৱ চলায় । তীব্ৰ গতিত অহা বলা ধুমুহাজাকে চমকঙ গাঁও পঞ্চায়তৰ ব্ৰহ্মপুৰ, ডিমৰুগুৰী মিচিং, লুগুটি, ডিমৰুগুৰী বিহিয়া, বিলপাৰ মাজগাঁও, গৌজৌনপুৰ, কাংকান চাপৰি, লামাজান বিহিয়া, বান্তৌ, নাৰায়ণপুৰ হাউলি, নাৰায়ণপুৰ ৰাভা, চিলিমপুৰ, ২ নং নাৰায়ণপুৰ, বিঞ্চুপুৰ, জয়পুৰ, সৌৰাংশ্ৰী, অপ্সৰা, নামকিৰ আদি কুৰিৰো অধিক কৃষিজীৱি গাঁৱৰ ঘৰদুৱাৰ, ভঁৰাল ভাঙি চূড়মাৰ কৰি পেলায়।

heavy storm
জোনাইত ধুমুহাৰ তাণ্ডৱ

ধুমুহাৰ ফলত তামোল গছ, শ শ গছ-গছনি ঘৰ, ভঁৰালৰ ওপৰত উভালি পৰাৰ লগতে অঞ্চলৰ সকলোবোৰ ৰাস্তা-পদূলিতে প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাত পদসমূহ বন্ধ হৈ পৰে। প্ৰলয়ংকাৰী ধুমুহা জাকে অঞ্চলৰ গাঁওসমূহৰ 35 টাকৈ বিদ্যুতৰ খুঁটা উভলি পৰাৰ লগতে 20 টা স্পানত বিদ্যুতৰ তাঁৰ ছিগি যায় ৷ চমকঙ বিলপাৰ মাজগাঁৱৰ ষোল্ল কে ভি ভল্টৰ এটা ট্ৰেন্সফৰ্মাৰ বিধ্বস্ত হৈ পৰে ।

ইয়াৰ উপৰিও বুধবাৰৰ নিশা অহা আৱতৰীয়া বতাহ-ধুমুহাৰ ফলত অসম-অৰুণাচল সীমান্ত অয়ান, জেলম, লাইমেকুৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰকাণ্ড গছ পৰি ৪- ৫ ঘন্টা ধৰি আৱদ্ধ হৈ পৰে শ শ যান বাহন ৷ পাচত আয়ান গাঁৱৰ ৰাইজে মিলি গছ কাটি পথটো মুকলি কৰি দিয়ে ৷ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে ইউবিপিঅৰ ধেমাজি জিলা সমিতি,টিএমপিকে,এমএমকেৰ জোনাই জিলা সমিতি,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতি, ধেমাজি জিলা আবৌফে ।

লগতে পঢ়ক : নাগ্ৰীজুলিত সুৰামত্ত এজনে হত্যা কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.