ETV Bharat / state

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ওপৰেদি বাগৰিছে পানী: আতংকিত ৰাইজ

ক্ৰমান্বয়ে জলস্তৰ বৃদ্ধি হৈছে সোৱণশিৰি, জীয়াঢল আৰু গাই নদীৰ ৷ ইতিমধ্যে গাই নদী আৰু জীয়াঢলে প্লাৱিত কৰিছে ধেমাজি জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ ইফালে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰো বান্ধৰ থলীত অব্যাহত আছে পাহাৰৰ গাৰ্ডৱালৰ খহনীয়া ৷ শংকিত হৈ পৰিছে নামনি অঞ্চলৰ ৰাইজ ৷ উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ দল সংগঠন ।

author img

By

Published : Jun 22, 2020, 9:44 PM IST

guard wall damage at suwansiri  nhpc dam
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ওপৰেদি বাগৰিছে পানী: আতংকিত ৰাইজ

ধেমাজি, 22 জুন : ক্ৰমান্বয়ে জলস্তৰ বৃদ্ধি হৈছে সোৱণশিৰি, জীয়াঢল আৰু গাই নদীৰ ৷ ইতিমধ্যে গাই নদী আৰু জীয়াঢলে প্লাৱিত কৰিছে ধেমাজি জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ আনফালে গেৰুকামুখত সোৱণশিৰি নদীয়ে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷ দেওবাৰে গেৰুকামুখত ২০০০ মেগাৱট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ওপৰেদি তীব্ৰ গতিৰে পানী বাগৰিছিল ৷ ইপিনে বিগত কেইবাদিন ধৰি অৰুণাচলৰ পাহাৰীয়া অঞ্চলসমূহত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ বাবে উপৰ্যুপৰি খহিছে বান্ধৰ সমীপৰ পাহাৰৰ গাৰ্ড ৱালকে ধৰি পাহাৰৰ এটা পকী পথৰ কিছু অংশ ৷

বান্ধৰ এই সমগ্ৰ অঞ্চলটোত নদীৰ জলধাৰাই ইমানেই তীব্ৰ গতি লৈছে যে, ইয়াৰ ভয়াবহতাক লৈ শংকিত হৈ পৰিছে নামনি অঞ্চলৰ ৰাইজ ৷ উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ দল সংগঠন আৰু জনসাধাৰণ ৷ সেয়ে সোমবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প থলী পৰিদৰ্শন কৰে জিলাখনৰ কেইবাটাও জাতীয় দল সংগঠনে ৷

অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি, চুতীয়া জাতি ছাত্ৰ সন্থাকে ধৰি কৈৱৰ্ত্ত ছাত্ৰ সংগঠনে পৰিদৰ্শন কৰি বুজ পৰিস্থিতিৰ লোৱাৰ লগতে ভৱিষ্যতে নামনিৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থতে এই বৃহৎ নদী বান্ধ বন্ধ কৰিবলৈ চৰকাৰক পুনৰবাৰ দাবী জনালে সংগঠনকেইটাৰ উপস্থিত নেতৃত্বই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.