জোনাই, ১২ অক্টোবৰ : বিভিন্ন সময়ত চৰকাৰী কৰ্মচাৰী আৰু সাংবাদিকৰ কৰ্তব্য নিষ্ঠাক বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয় । সুযোগ পালেই বহুতে চৰকাৰী কৰ্মচাৰী আৰু সাংবাদিকসকলক সমালোচনা কৰে । কিন্তু এই সকলো সমালোচনা আৰু বিতৰ্ক একাষৰীয়া কৰি এইবাৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে চৰকাৰী কৰ্মচাৰী আৰু সাংবাদিকৰ এটা দল ।
বানে কালৰূপ ধাৰণ কৰাৰ সময়তে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সংকটত পৰা বানাক্ৰান্তৰ ওচৰলৈ গ'ল দলটো । কিন্তু প্ৰতিকূল বতৰৰ বাবে বানপীড়িত অঞ্চলটোত আৱদ্ধ হৈ পৰিলে দলটো (Govt worker journalists stranded in flood hit area)।
এই ঘটনা ধেমাজি জিলাৰ জোনাইৰ । কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ বহু অঞ্চল পানীৰ তলত বুৰ গৈছে (Flood situation in Dhemaji)। জোনাইৰ চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰীত অবৰ্ণনীয় হৈ পৰিছে বান পৰিস্থিতি (Flood in Jonai)। চাৰিওফালে মাথো পানী আৰু পানী ।
শিৱগুৰী গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী, কৃষিপথাৰ সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে ৷ বাটপথ আদিও প্লাৱিত হৈছে (Flood condition) ৷ বৰষুণৰ ফলত চিয়াং, দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অঞ্চলটোত ।
এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে সোমবাৰে প্ৰতিকূল বতৰকো নেওচি জোনাই মহকুমা ৰাজহ বিভাগৰ লাট মণ্ডল গৌতম চুংক্রাং, পশু চিকিৎসা বিভাগৰ ক্ষেত্র সহায়ক হিতেশ কুলি, জোনাই SDRF বাহিনীৰ এছ.অ' প্ৰশান্ত পেগুৰ লগতে বিদ্যা পেগু, দামোধৰ বড়ো আৰু জোনাইৰ স্থানীয় সাংবাদিক প্রাঞ্জিত দলেয়ে শিৱগুৰীৰ বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈছে । বানাক্ৰান্তৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰিবলৈ এখন ৰবৰ নাৱেৰে চিয়াং নদীৰ ভয়ংকৰ সোঁতৰ মাজেৰে বিপদসংকুল যাত্রা আৰম্ভ কৰে । ঐৰামঘাটৰ পৰা শিৱগুৰীলৈ বুলি তেওঁলোকে নাওখনেৰে যাত্ৰা কৰে ।
চিয়াং নদীৰ ভয়ংকৰ সোঁতত যিকোনো মুহূৰ্তত অঘটন সংঘটিত হোৱাৰ আশংকা থকা স্বত্বেও দলটোৱে এই বিপদৰ কথা চিন্তা নকৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে । দলটোৱে দিনতো বানাক্ৰান্ত ৰাইজৰ বুজ লোৱাৰ লগতে উদ্ধাৰ অভিযান চলায় । আনকি জোনাইলৈ ঘূৰি অহাৰ পথত চিয়াং নদীৰ প্ৰচণ্ড সোঁত আৰু ঘন কুঁৱলীত পথ হেৰুৱাই আৱদ্ধ হৈ পৰে । ফলত দলটোৱে পুনৰ শিৱগুৰীলৈ উভতি গৈ বানাক্ৰান্তৰ সৈতে একেলগে নিশা কটাবলগীয়াও হয় । অৱশ্যে মঙলবাৰে জোনাইৰ ঐৰামঘাটত কোনোমতে দলটো আহি উপস্থিত হয় ।
লগতে পঢ়ক :Floods in north and upper Assam: জোনাইত বানৰ কালৰূপ