ধেমাজি,24 জুলাই : সম্প্ৰতি কৰ'ণা আতংকৰ বাবে দেশত অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ । এৰাবাৰীলৈ পৰিণত হৈছে চৰকাৰী বিদ্যালয়সমূহ । অনিশ্চয়তাৰ দিশে দেশৰ ভৱিষ্যতৰ নাগৰিকলৰ শিক্ষা ব্যৱস্থা । লক ডাউনৰ সময়ছোৱাত বিশেষকৈ চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ কণ কণ শিক্ষাৰ্থীসকলে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । অন্যহাতে লক ডাউনত কিন্তু আৰামাত দিন পাৰ কৰিছে মোটা বেতনভোগী চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ৷ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ সৰহ সংখ্যক চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ কোনো উদ্বিগ্নতা নথকাৰ বাবে সন্তানক লৈ চিন্তিত দৰিদ্ৰ পৰিয়ালৰ অভিভাৱকসকল ৷ ঘৰুৱা টিউচনৰ সুবিধা দিব নোৱাৰৰ লগতে সন্তানক অনলাইন শিক্ষা প্ৰদান কৰিবলৈও অসমৰ্থ অভিভাৱকসকল বৰ্তমান চিন্তাগ্ৰস্ত সন্তানক লৈ ৷
লগতে পঢ়কঃ ৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয় ?
অৱশ্যে এই বন্ধৰ মাজতেই ধেমাজিৰ শিক্ষাখণ্ডৰ দুই এখন প্ৰাথমিক বিদ্যালয়ৰ ভূমিকা কিছু প্ৰশংসনীয় । প্ৰধান শিক্ষকৰ তৎপৰতাত কেৱল কাৰ্যালয় খোলা ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ঘৰতেই পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে দুই এখন চৰকাৰী বিদ্যালয়ে ৷ যিহেতু অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ অভিভাৱকৰ হাতত এন্দ্ৰয়ড মোবাইল উপলব্ধ নহয় । কাৰোবাৰ থাকিলেও ব্যৱহাৰ কৰিব নাজানে । সেয়ে অনলাইন শিক্ষাদান প্ৰক্ৰিয়াটো অনুকৰণ কৰা নাই বুলি অৱগত কৰে ধেমাজি নগৰৰ বৰপাটৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিৰণ বৰগোঁহাইয়ে
এই দুসময়ৰ মাজতেই আৰ্থিক ভাৱে সবল অভিভাৱকসকলে সন্তানক ঘৰুৱা টিউচনৰ ব্যৱস্থা কৰাৰ লগতে মোবাইলৰ জৰিয়তে শিক্ষা প্ৰদান কৰিছে । কিন্তু ইয়াৰ বিপৰীতে গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ অভিভাৱকে নিজ সন্তানক দিব পৰা নাই ন্যূনতম সুবিধাও । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰো কোনো পদক্ষেপ পৰিলক্ষিত হোৱা নাই ৷ যাৰবাবে এইসকল চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত অন্ধকাৰ দিশে গতি কৰাটো নিশ্চিত হৈ পৰিছে ।