জোনাই, ৮ ছেপ্টেম্বৰ : এইবাৰ মহকুমা প্ৰশাসনৰ বিৰুদ্ধে জোনাইত গৰজি উঠিল প্ৰায় পাঁচ সহস্ৰাধিক গোৰ্খা সম্প্ৰদায়ৰ ৰাইজ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় দুঘন্টীয়া অৱস্থান ধৰ্মঘট । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু জোনাইৰ গোৰ্খা সম্প্ৰদায়ৰ ৰাইজৰ সহযোগত জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে প্ৰায় পাঁচ সহস্ৰাধিক গোৰ্খা সম্প্ৰদায়ৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।
জোনাই মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াই গোৰ্খা জনগোষ্ঠীক কৰা অপমানৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দিনৰ প্ৰায় ১১ বজাৰ পৰা প্ৰায় পাঁচ সহস্ৰাধিক গোৰ্খা সম্প্ৰদায়ৰ ৰাইজে সাব্যস্ত কৰে এই অৱস্থান ধৰ্মঘট । প্ৰতিবাদকাৰীসকলে হাতে হাতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান থকা প্লে কাৰ্ড লৈ মহকুমা প্ৰশাসনে কৰা এনে বিৰূপ মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
প্ৰায় পাঁচ সহস্ৰাধিক গোৰ্খা সম্প্ৰদায়ৰ ৰাইজে অসম চৰকাৰ হায় হায়, জোনাই প্ৰশাসন হায় হায়, ৰাজহচক্ৰ বিষয়া গ’ বেক, শীঘ্রে ৰাজহচক্ৰ বিষয়াই ক্ষমা খোজক, গোৰ্খা জনগোষ্ঠীক প্ৰতাৰণা নকৰিব, আমাক ভূমি অধিকাৰৰ পৰা খৰ্ব নকৰিব, আমাৰ দাবী ন্যায্য দাবী আদি শ্ল’গানেৰে জোনাইৰ আকাশ বতাহ কঁপাই তোলে । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জোনাই মহকুমা প্ৰশাসন আৰু জোনাই ৰাজহচক্ৰ বিষয়াই ক্ষমা খোজাৰ দাবী জনাই তেওঁলোকৰ বিৰুদ্ধে গৰজি উঠিল পাঁচ সহস্ৰাধিক গোৰ্খা সম্প্ৰদায়ৰ ৰাইজ ।
লগতে পঢ়ক : Rice embezzlement in Jonai: সমবায় এজেন্টে চাউল আত্মসাৎ কৰাৰ অভিযোগ