ETV Bharat / state

Golden Jubilee of Hansra Namghar: আজি সামৰণি পৰিব হাঁহচৰা নামঘৰৰ সোণালী জয়ন্তী - Golden Jubilee of Foundation Day of Hansra Namghar

ধেমাজিৰ হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এক বৰ্ণিল শোভাযাত্ৰাৰ আয়োজন কৰা হয় (Hansra Namghar in Dhemaji)। আজি অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হ'ব মুকলি সভা ।

Golden Jubilee of Foundation Day of Hansra Namghar
হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী
author img

By

Published : Feb 25, 2023, 12:06 PM IST

হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী

ধেমাজি, ২৫ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষ শুকুৰবাৰৰ পৰা আৰম্ভ হয় (Golden Jubilee of Foundation Day of Hansra Namghar)। দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ঐতিহাসিক হাঁহচৰা গাঁৱৰ নামঘৰ পৰিচালনা সমিতি আৰু গাঁওবাসীৰ সহযোগত হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ গৌৰৱজ্বল সোণালী জয়ন্তী বৰ্ষটো নামঘৰ প্ৰাংগনত উদযাপন কৰা হৈছে ৷ আজিৰ পৰা পাঁচ দশক পূৰ্বে গাঁওখনৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিয়ে আৰম্ভ কৰা এই হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠাৰ সোণোৱালী ক্ষণক লৈ গঞা ৰাইজৰ মাজত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

উল্লেখ্য হাঁহচৰা গাঁৱৰ ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯৬২ চনতে হাঁহচৰা নামঘৰটো প্ৰতিষ্ঠা কৰা হৈছিল ৷ এই অনুষ্ঠানটোৱে ২০১২ বৰ্ষতে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰে যদিও বিশেষ অসুবিধাৰ বাবে আয়োজন কৰিব পৰা নাছিল । অৱশ্য়ে পিছত নামঘৰৰ গৰিমা জীয়াই ৰখাৰ লগতে গাওঁবাসীৰ মাজত একতাৰ এনাজৰীডাল সুদৃঢ় কৰাৰ স্বাৰ্থতে এই বৰ্ষৰ 24 আৰু 25 ফ্ৰেবুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষৰ কালি প্ৰথম দিনা কেইবাটাও কাৰ্যসূচীৰে আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত উষা কীৰ্ত্তন অনুষ্ঠিত হয় । এই অনুষ্ঠানৰ পিছতেই সামূহিক চাফাই অভিযান চলোৱা হয় । ইয়াৰ পিছত পুৱা ৯ বজাত ৫০ খন পতাকা গাঁওখনৰ বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে ৷ ইপিনে,স্থায়ী পতাকা উত্তোলন কৰে স্থায়ী সমিতিৰ সভাপতি আনন্দ ভৰালীয়ে ৷ সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি হৰেন্দ্ৰনাথ গগৈয়ে ৷ এই অনুষ্ঠানটোৰ পিছতেই স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক শৰৎ চন্দ্ৰ চুতীয়াই ৷

হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি এক বৰ্ণিল শোভাযাত্ৰাৰো আয়োজন কৰা হয় (Procession on occasion of Golden Jubilee of Hansra Namghar)। এই শোভাযাত্ৰাত গায়ন-বায়নে অংশগ্ৰহণ কৰে ৷ আনহাতে,সোণালী জয়ন্তীৰ মূল তোৰণ উদঘাটন কৰে অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা তোৰণদাতা দিলীপ গগৈয়ে ৷ আবেলি দিহা নাম আৰু সন্ধিয়া 'সিন্ধুমুণিৰ পিতৃভক্তি' ,'দশৰথৰ স্বৰ্গ উদ্ধাৰ' ভাওনা প্ৰদৰ্শন কৰা হয় ৷

শনিবাৰে অৰ্থাৎ প্ৰতিষ্ঠা দিৱসৰ সোণালীৰ অন্তিম দিনা মুকলি সভাৰ আয়োজন কৰা হৈছে । মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া এই মুকলি সভাত এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হ'ব (Maridhal College) ৷ সভাখনত মুখ্য অতিথি হিচাপে ধেমাজি খণ্ড উন্নয়ন বিষয়া নবীন কামানে ভাগ লোৱাৰ লগতে বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি ৰূপে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । বিয়লি তিনি বজাত শৰাই বিসৰ্জনৰ লগতে সন্ধিয়া বন্তি প্রজ্বলন, শৰাই স্থাপন আৰু পাঞ্চজন্য নাট্য গোষ্ঠীৰ দ্বাৰা 'গ্ৰাহ গজেন্দ্ৰ উপাখ্যান' ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি আয়োজক সমিতিয়ে সদৰি কৰিছে ।

লগতে পঢ়ক:Gangubai Kathiawadi: এবছৰীয়া যাত্ৰা সম্পূৰ্ণ গংগুবাই কাথিয়াৱাড়ীৰ, ইনষ্টাযোগে মনৰ ভাৱ প্ৰকাশ আলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.