ETV Bharat / state

GNSM central session 2023; আগন্তুক অক্টোবৰ বা নৱেম্বৰত হ’ব জিএনএছএমৰ কেন্দ্ৰীয় অধিৱেশন - গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ

আগন্তুক অক্টোবৰ-নৱেম্বৰত হ’ব জিএনএছএমৰ কেন্দ্ৰীয় অধিৱেশন (GNSM central session will be held in October-November) ৷ শনিবাৰে জিএনএছএমে আয়োজন কৰা এক সভাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বান-খহনীয়াৰ স্থায়ী নিয়ন্ত্ৰণৰো দাবী জনায় ৷

GNSM central session 2023
জিএনএছএমৰ সাধাৰণ সভা
author img

By

Published : Apr 22, 2023, 9:32 PM IST

জোনাই, ২২ এপ্ৰিল : শনিবাৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ চমুকৈ জিএনএছএমৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা সানজাৰি নৌগৌৰ চিমেন চাপৰিস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় (General meeting of GNSM) । জিএনএছএমৰ সভাপতি জাৰিমিন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিএনএছএমৰ সাধাৰণ সম্পাদক তোলন সোণোৱালে ।

এই সভাতে সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়, ‘‘কোনো এখন চৰকাৰে নৈপৰীয়া, কৃষিজীৱী ৰাইজৰ সুৰক্ষা আৰু উন্নয়নত গুৰুত্ব দি অহা নাই ৷ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন সময়ত ব্ৰহ্মপুত্ৰ খনন আৰু নদীৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰি নৈপৰীয়া অঞ্চলৰ সুৰক্ষা আৰু উন্নয়নত কাম কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷ আনকি যোৱা বিধানসভা নিৰ্বাচনত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বানমুক্ত অসম গঢ়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল । কিন্তু সেইবোৰ এতিয়া সকলো ফুটুকাৰ ফেনলৈ পৰিণত হৈছে’’ ৷

লগতে বিজেপিৰ নেতা আৰু চৰকাৰে প্ৰতিশ্ৰুতিসমূহ পালন কৰি নৈপৰীয়া, কৃষিজীৱী আৰু খিলঞ্জীয়া ৰাইজৰ জীৱন-সম্পত্তিক সুৰক্ষা দিবলৈয়ো মনোৰঞ্জন বসুমতাৰীয়ে দাবী জনায় ৷ জিএনএছএমৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, চিচি-চিলাপথাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ্ত ৰাজবংশীয়ে জিএনএছএমৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ ওপৰতো বক্তব্য ৰাখি জিলা সমিতিৰ অন্তৰ্ভুক্ত আঞ্চলিক সমিতিসমূহ পুনৰ গঠনৰ সপক্ষে দাঙি ধৰে ।

এই সভাতে জিএনএছএমৰ সভাপতি জাৰিমিন নাৰ্জাৰীয়ে কয়, ‘‘প্ৰতিটো জনগোষ্ঠীৰ নিজা নিজা সমস্যাসমূহৰ সমাধানৰ বাবে জনগোষ্ঠীয় সংগঠন আছে যদিও এটা অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত অব্যাহত থকা জ্বলন্ত সমস্যাবোৰৰ সমাধানৰ বাবে উমৈহতীয়া, অৰাজনৈতিক আৰু গণতান্ত্ৰিক সংগঠনৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা সদায় থাকিবই ৷ পিচপৰা আৰু অনুন্নত অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ঐক্যবদ্ধ-শক্তিশালী সংগ্ৰামৰ বিকল্প নাই’’ ৷

এই সভাতে জিএনএছএমৰ কেন্দ্ৰীয় সমিতি, জোনাই জিলা সমিতি আৰু চিচি-চিলাপথাৰ জিলা সমিতিৰ অধিৱেশন অহা অক্টোবৰ মাহৰ শেষৰ সপ্তাহ অথবা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় (GNSM central session will be held in October-November)। গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সংবিধানখন ইংৰাজীৰ পৰা অসমীয়া ভাষাত অনুবাদ কৰা, জিএনএছএমৰ ধেমাজি, লখিমপুৰ, ঢকুৱাখনা, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া জিলা সমিতি কেইখন পুনৰ গঠন কৰা আদি দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ।

লগতে ব্ৰহ্মপুত্ৰ, লালী, দিখাৰী, চিমেন আদি নদীৰ বান-খহনীয়াৰ স্থায়ী নিয়ন্ত্ৰণ কৰা, যুৱ প্ৰজন্মৰ মাজত বহুলভাৱে প্ৰচলিত মাদকদ্ৰব্য নিবাৰণত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা, জোনাইৰ ৰক্ষাকৱচ পবা সংৰক্ষিত বনাঞ্চলক সুৰক্ষা প্ৰদান কৰা, ছিগাত আধাৰুৱা হৈ থকা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখন নিৰ্মাণ সম্পূৰ্ণ কৰি পাঠদান আৰম্ভ কৰা আদিৰো দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Firing in Assam Arunachal border: সীমা চুক্তিৰ স্বাক্ষৰৰ পাচতে লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.