জোনাই,২১ ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । হাতী-মানুহৰ সংঘাটত নিতৌ আহত হৈছে বহুজন(Man Elephant Conflict) । ইয়াৰে বহুজনে হেৰুৱাইছে প্ৰাণ । জোনাইতো বিভিন্ন প্ৰান্তত প্ৰতিদিনেই অব্যাহত বন্যহস্তীৰ তাণ্ডৱ(Wild elephant attack in Jonai) । জোনাইৰ অমৰপুৰত পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী যুৱতী ।
জানিব পৰা মতে বুধবাৰে পুৱতি নিশা প্ৰায় ৪ মান বজাত খেতি পথাৰলৈ যোৱাৰ সময়তে শদিয়া অমৰপুৰৰ অৰ্চনা পেগু নামৰ যুৱতী গৰাকী বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয়(Elephant menace in Jonai) । গুৰুতৰ ভাৱে আহত যুৱতী গৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ ভাৱে শদিয়াৰ চাপাখোৱা অসামৰিক চিকিৎসালয়লৈ বুলি অমৰপুৰৰ দুৰ্গম অঞ্চলৰ পৰা দিবাং ঘাটলৈ ভাৰ বান্ধি নিয়ে পৰিয়াল তথা স্থানীয় ৰাইজে ।
পিছত একাংশ ৰাইজে ১০৮ এম্বুলেন্স সেৱাত যোগাযোগ কৰি দিবাংঘাটৰ আনটো পাৰে সংকটজনক অৱস্থাত থকা যুৱতী গৰাকীক উঠাই লৈ যায় । কিন্তু গাড়ীখন কিছুদূৰ আগবঢ়াৰ পাছতেই বালিচৰত গাড়ীখন আৱদ্ধ হৈ পৰে(108 ambulances trapped in sand) । পিছত ৰাইজৰ সহযোগত কোনোমতে বালিচৰৰ পৰা গাড়ীখন উঠাবলৈ সক্ষম হয় । বৰ্তমান যুৱতী গৰাকী সংকটজনক অৱস্থাত চাপাখোৱা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে অমৰপুৰত দীৰ্ঘদিন ধৰি বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বনবিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । প্ৰতিদিনেই বন্যহস্তীয়ে উপদ্ৰৱ চলাই ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰাৰ লগতে খেতি পথাৰতো বিস্তৰ ক্ষতি সাধন কৰি আহিছে । এনে পৰিপেক্ষিতত বন্যহস্তীৰ তাণ্ডৱৰ পৰা অঞ্চলটোৰ ৰাইজক উদ্ধাৰ কৰিবলৈ বনবিভাগক কাতৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: নৰ্থ চেনেল সাঁতুৰি প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই