ETV Bharat / state

পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত গাই নদীৰ জলাশয়

শীতৰ আগমনৰ লগে লগে ধেমাজিৰ গাই নদীৰ জলাশয় ভৰি পৰে বিভিন্ন পৰিভ্ৰমী পক্ষীৰে ৷ প্ৰকৃতি প্ৰেমীৰ মতে অক্টোবৰৰ পৰা জানুৱাৰী এই কেইটা মাহত প্ৰায় 10ৰ পৰা 12 বিধ প্ৰব্ৰজনকাৰী পক্ষী জলাশয়টো জাতিস্কাৰ কৰি ৰাখে ৷

author img

By

Published : Dec 22, 2020, 12:47 PM IST

as-dmj_gai-river-wetland-is-filled-with-migratory-birds-vis-as10021
পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত গাই নদীৰ জলাশয়

ধেমাজি,22 ডিচেম্বৰ: শীতৰ আগমনৰ লগে লগে খাল,বিল,জলাশয় সমূহৰ প্ৰায়ভাগৰেই পানী শুকাই যায় ৷ খাদ্য আৰু পানীৰ সন্ধানত পানী থকা জলাশয়সমূহলৈ আগমন ঘটে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ ধেমাজিৰ গাই নদীৰ জলাশয়ত শীত কালতো যথেষ্ট পৰিমাণৰ পানী থাকে ৷ সেয়ে প্ৰতিবছৰে এই জলাশয়লৈ শীতৰ সময়ছোৱাত আগমন ঘটে বিভিন্ন পৰিভ্ৰমী পক্ষীৰ ৷ পক্ষীৰ কাকলিত মুখৰিত হৈ পৰে গাই নদীৰ জলাশয় ৷ প্ৰকৃতি প্ৰেমীৰ মতে অক্টোবৰৰ পৰা জানুৱাৰী এই কেইটা মাহত প্ৰায় 10ৰ পৰা 12 বিধ প্ৰব্ৰজনকাৰী পক্ষীয়ে জলাশয়টো জাতিস্কাৰ কৰি ৰাখে ৷

কিন্তু বানপানীৰ প্ৰকোপত জলাশয়টোৰ 700ৰ পৰা 800 বিঘা ভূমি ইতিমধ্যে সংকুচিত হৈ পৰিছে ৷ ইয়াৰ উপৰিও জলাশয়টোৰ কাষতে দোকান পোহৰ দিয়াৰ বাবে পক্ষীকূললৈ ক্ৰমাৎ বিপদ নামি আহিছে ৷ সেয়েহে চৰকাৰক জৈৱ বৈচিত্ৰৰে ভৰপূৰ এই জলাশয়টো সংৰক্ষণৰ দাবী জনাইছে চিচিবৰ গাঁও জৈৱ বৈচিত্ৰ সংৰক্ষণ সমিতিয়ে ৷ ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত তেওঁলোকে ৰাজ্যিক জৈৱ বৈচিত্ৰ বিভাগলৈ এক প্ৰকল্প প্ৰেৰণ কৰিছিল ৷ বিভাগটোৱে এই প্ৰকল্পত অনুমোদন জনাইছিল যদিও পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগটোৱে ৷

লগতে পঢ়ক-অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.