ETV Bharat / state

মহামাৰীৰ সময়ত ফ্ৰেণ্ডচ অৱ এইটটিচৰ অক্সিজেন চিলিণ্ডাৰ দান - বাকিন পেৰ্টিন চিকিৎসালয়

দেশত কৰ’ণা মহামাৰীৰ সময়ত ফ্ৰেণ্ডচ অৱ এইটটিছৰ আদৰণীয় পদক্ষেপ ৷ পাচিঘাটৰ বাকিন পেৰ্টিন অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৰোগীলৈ এমাহৰ অক্সিজেন চিলিণ্ডাৰ দান ৷

Friend of Eightys donates oxygen cylinder
মহামাৰীৰ সময়ত ফ্ৰেণ্ডচ অৱ এইটটিচৰ অক্সিজেন চিলিণ্ডাৰ দান
author img

By

Published : May 16, 2021, 9:17 PM IST

জোনাই ১৬ মে: সমগ্ৰ দেশত ক’ভিড পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰা সময়তে অৰুণাচলৰ পূব চিয়াং জিলাৰ পাচিঘাতত ফ্ৰেণ্ডচ অৱ এইটটিছ নামৰ এটা দলে বাকিন পেৰ্টিন অসামৰিক চিকিৎসালয়ত এমাহৰ বাবে যোগান ধৰিলে অক্সিজেন ছিলিণ্ডাৰ ।

১৯৮০ চনত অৰুণাচলৰ পূৱ চিয়াং জিলা পাচিঘাটৰ বিভিন্ন স্কুল কলেজত পঢ়ি থকা এটা সহপাঠীৰ দল আৰ্থাৎ ফ্ৰেণ্ডচ অৱ এইটটিছে শনিবাৰে অতিমাৰী ক'ভিডক প্ৰতিহত কৰিবলৈ পাচিঘাট স্বাস্থ্য বিভাগক দুটা অক্সিজেন ছিলিণ্ডাৰ যোগান ধৰাৰ লগতে অনাগত এমাহৰ বাবে ক’ভিড ৰোগী সকলৰ বাবে অক্সিজেন যোগান ধৰিব বুলি জানিব দিয়ে।

অৰুণাচলৰ পূৱ চিয়াং জিলাৰ পাচিঘাটস্থিত বাকিন পেৰ্টিন চিকিৎসালয় সভা কক্ষত অনুষ্ঠিত কৰা সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকি পূৱ চিয়াং পাচিঘাটৰ বিধায়ক কালিং ময়ঙ, পাচিঘাট চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৱাই আৰ দাৰাঙ আৰু বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত মহন্ত পাংগিঙে কয়, ’ফ্ৰেণ্ডচ অৱ এইটটিছে বিভিন্ন সময়ত সমাজৰ কাম কৰি আহিছে কিন্তু, এই মহামাৰীৰ সময়চোৱাত সকলোৰে বাবে অক্সিজেনৰ বেছি প্রয়োজন সেইবাবে এইবাৰ তেওঁলোকে দুটা অক্সিজেন ছিলিণ্ডাৰৰ লগতে ক’ভিড ৰোগীৰ কাৰনে এমাহৰ অক্সিজেন পাচিঘাট স্বাস্থ্য বিভাগলৈ দান কৰিব ।’

লগতে তেওঁ, এই কৰ’ণা মহামাৰীৰ সময়ত যিসকল চিকিৎসকে দিনে নিশা কাম কৰি আছে এইসকল আজিৰ দিনত ভগৱানৰ এটা ৰূপ বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

পাচিঘাতস্থিত বাকিন পেৰটিন অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত আয়োজিত সভাত গোটতোৰ সদস্য তথা পাচিঘাটৰ বিধায়ক কালিং ময়ং,স্বাস্থ্য বিভাগৰ সংযুক্ত সঞ্চালক ডাঃ ডি ৰাইনা, জিলা স্বাস্থ্য বিষয়া ডাঃ কালিং দাই, বাকিন পেৰ্টিন চিকিৎসালয়ৰ অধীক্ষক ৱাই আৰ দাৰাঙ, সভাপতি বটেম কয়ু ,সম্পাদক লগতে সদস্য পুৰুষোত্তম গুপ্তা, টগ্গে কাকি, অনিল পাণ্ডে, মিৰম কুমুড, কাংগে পেৰ্টিন, সুব্ৰত বৰুৱা, ভিম লাল, অলেন টাকনিৰ লগতে চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে ।

দেশত চলি থকা মহামাৰীৰ সময়ত ফ্ৰেণ্ডচ অৱ এইটটিচৰ এনে আদৰণীয় পদক্ষেপক এতিয়া পাচিঘাটৰ ৰাইজে শলাগ লৈছে ৷

লগতে পঢ়ক : গ্ৰেনেড বিস্ফোৰণত নিহত পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.