ETV Bharat / state

মন্ত্ৰী নৱ দলেৰ পত্নীৰ ডিলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

author img

By

Published : Aug 3, 2019, 11:16 PM IST

প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী নৱ দলেৰ পত্নীৰ বিৰুদ্ধে ৷ ধেমাজিৰ নিবনুৱা যুৱকসকলে শনিবাৰে নৱ দলেৰ পত্নীৰ মালিকাধীন ডিলাৰটোত উপস্থিত হৈ প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

নৱ দলেৰ পত্নীৰ ডিলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

ধেমাজি, 3 আগষ্ট : পঞ্চায়ত আৰু গ্ৰামীণ বিকাশ মন্ত্ৰী নৱ দলেৰ পত্নীৰ মালিকাধীন 'আবুতানি মাৰ্কেইন্টাইল প্ৰাইভেট লিমিটেড' নামৰ তিনিচকীয়া বাহন প্ৰতিষ্ঠানত শনিবাৰে নিশা উত্তেজনাৰ সৃষ্টি হয় ৷ ডিলাৰটোৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে ধেমাজিৰ দুই শতাধিক যুৱকে ৷ এই প্ৰতিষ্ঠানটোৱে 'চিটি এপে' নামৰ তিনিচকীয়া বাহন খন ক্ৰয় কৰা সকলক 'চিটি পাৰ্মিট' উলিয়াই দিয়াৰ প্ৰলোভন দি ধেমাজিৰ নিবনুৱা যুৱকক শ শ বাহন বিক্ৰী কৰে ৷ কিন্তু বৰ্তমানেও চহৰৰ মাজত চলোৱাৰ পাৰ্মিট উলিয়াই নিদি প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে যুৱকসকলে ৷ ইয়াৰোপৰি বীমা আৰু পঞ্জীয়নৰ নামত এই যুৱক সকলৰ পৰা 18 - 29 হাজাৰ টকালৈকে আদায় কৰিলে যদিও ইয়াৰ মূল্য 4 হেজাৰ টকাহে বুলি জানিব পৰা গৈছে ৷ বাকী ধন প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে যুৱকসকলে ৷

নৱ দলেৰ পত্নীৰ ডিলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

শেহতীয়াকৈ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে চহৰৰ মাজত এই বাহনখন চলোৱাত নিষেধাজ্ঞা জাৰি কৰে ৷ এই কথাত ক্ষোভিত হৈ পৰা বাহনৰ গৰাকী সকলে ডিলাৰলৈ সবিশেষ জনাবলৈ আহে যদিও প্ৰতিষ্ঠানটোৰ মেনেজাৰ গৰাকী পলায়ন কৰে ৷ ক্ষুব্ধ বাহনৰ গৰাকীসকলে অৱশেষত প্ৰতিষ্ঠানটো ঘেৰাও কৰাৰ লগতে প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

Intro:- ধেমাজিত নিশা মন্ত্ৰী নৱ দলেৰ পত্নীৰ মালিকানাধীন “আবুতানি মাৰ্কেইন্টাইল প্ৰাঃ লিঃ” নামৰ তিনিচকীয়া বাহনৰ প্ৰতিষ্ঠানত উত্তেজনা ৷Body:ধেমাজি , ৩ আগষ্ট :
- মন্ত্ৰী নৱ দলেৰ পত্নীৰ মালিকানাধীন ধেমাজিৰ “আবুতানি মাৰ্কেইন্টাইল প্ৰাঃ লিঃ” নামৰ তিনিচকীয়া বাহনৰ প্ৰতিষ্ঠানত শনিবাৰে নিশা উত্তেজনা সৃষ্টি হয় ৷ ডিলাৰটোৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ধেমাজিৰ দুই শতাধিক যুৱকৰ ৷ প্ৰতিস্হানটোৱে “চিটি এপে” নামৰ তিনিচকীয়া বাহন খন ক্ৰয় কৰিলে চহৰৰ মাজত চলোৱাৰ “চিটি পাৰ্মিট” উলিয়াই দিয়াৰ প্ৰলোভন দি শ শ বাহন ধেমাজিৰ নিবনুৱা যুৱকক বিক্ৰি কৰে যদিও গ্ৰাহকক “চিটি পাৰ্মিট” উলিয়াই নিদি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলিচে বাহন খন ক্ৰয় কৰা ধেমাজিৰ নিবনুৱা যুৱক সকলে ৷ ইয়াৰোপৰি ইঞ্চুৰেঞ্চ আৰু ৰেজিট্ৰেছন ৰ নামত বাহন ক্ৰয় কৰা নিবনুৱা যুৱক সকলৰ পৰা 18 ৰ পৰা 29 হেজাৰ টকালৈকে আদায় লয় যদিও প্ৰকৃততে ইয়াৰ মূল্য 4 হেজাৰ টকাহে ৷ বাকী ধন প্ৰতিস্হানটোৰ কৰ্মচাৰীয়ে উদৰস্হ কৰাৰ অভিযোগ কৰিছে গ্ৰাহক সকলে ৷

Conclusion:
শেহতীয়াকৈ জিলা পৰিবহন বিষয়াৰ কায্যালয়ে চহৰৰ মাজত “চিটি এপে” নামৰ তিনিচকীয়া বাহনখন চলোৱাত নিষেধাজ্ঞা জাৰী কৰাত ক্ষোভিত বাহনৰ গৰাকী সকলে “আবুতানি মাৰ্কেইন্টাইল প্ৰাঃ লিঃ” ৰ ডীলাৰলৈ আহি সবিশেষ জনাবলৈ আহে যদিও পলায়ন কৰে প্ৰতিস্হানটোৰ মেনেজাৰ ৷ ক্ষুব্ধ বাহনৰ গৰাকী সকলে অৱশেষত প্ৰতিস্হানতো ঘেৰাও কৰি অৱস্হান গ্ৰহন কৰাৰ লগতে বাহন সমূহ ঘুৰাই লোৱাৰ দাবীত উত্তাল কৰি তোলে পৰিৱেশ ৷
byte-- বাহনৰ গৰাকী

PRADUNYA BHARALI , DHEMAJI , ETV BHARAT , ASSAM .3/8/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.