ধেমাজি,২৯ মাৰ্চ: ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি(Rangali Bihu preparation) ৷ ঢোল-পেঁপাৰ মাতত মুখৰিত ৰাজ্যৰ আকাশ-বতাহ । ব্যস্ততা বাঢ়িছে বিহুৱা নাচনীসকলৰ । সমানে ব্যস্ত হৈ পৰিছে বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা লোকশিল্পীসকলৰ । বিহুত আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰী কেইপদেই হৈছে ঢোল, পেঁপা, গগনা ৷ এইসমূহৰ অবিহনে যেন অসম্পূৰ্ণ ৰঙালী বিহুৰ আনন্দ আৰু পৰম্পৰা ৷
সেয়ে এই বিভিন্ন লোকবাদ্যসমূহ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ধেমাজি গোটুং হাঁহচৰা গাঁৱৰ লোকবাদ্য নিৰ্মাতা, শিল্পী ভোগেশ্বৰ গগৈ (Bhogeshwar Gogoi preparing Bihu instruments) ৷ ঢোল, খোল, নাগাৰা, পেঁপা, সৰু-ডাঙৰ বাঁহী, সুতুলি, গগনা, ঢোলৰ মাৰি, টকা আদি প্ৰস্তুত কৰিছে বিহুৰ বাবে ৷ ইতিমধ্যে বহু সামগ্ৰী ধেমাজি সাপ্তাহিক বজাৰ, গোগামুখ সাপ্তাহিক বজাৰ, চিলাপথাৰ, চিচিবৰগাঁও আৰু চিৰিপানী সাপ্তাহিক বজাৰত বিক্ৰী কৰিছে শিল্পীগৰাকীয়ে (Bihu instruments pepa gogona) ।
ইয়াৰোপৰি বিহুৱা নাচনীক এই সামগ্ৰীসমূহ যোগান ধৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী ৷ ইপিনে ম’হৰ শিঙৰ অভাৱত পেঁপাৰ দাম বৃদ্ধি পাইছে বজাৰত ৷ কাৰণ শিল্পীগৰাকীয়ে সুদুৰ অৰুণাচলৰ পাহাৰ বগাই পাচিঘাটৰ চিয়াং নদীৰ দাঁতিকাষৰীয়া অঞ্চল আদিৰ পৰা ম’হৰ শিং সংগ্ৰহ কৰি আনি বিহুৱাৰ বাবে প্ৰস্তুত কৰিছে যুৰীয়া আৰু গুটিয়া পেঁপা (Pepa gogona for Rangali Bihu) ৷
সাধাৰণ অৰ্থাৎ গুটিয়া পেঁপাৰ মূল্য ৩৫০০ টকা আৰু যুৰীয়া পেঁপাৰ মূল্য ৪০০০ টকা নিৰ্ধাৰণ কৰিছে শিল্পীগৰাকীয়ে ৷ একেদৰে গগনা মূল্য ২৫০টকাৰ পৰা ৪০০ টকা, বাঁহী ২০০ পৰা ৫০০ টকা দৰত বিক্ৰী কৰি আহিছে ৷ শিল্পীগৰাকীৰ লোকবাদ্যসমূহ যথেষ্ট সমাদৃত হোৱাৰ বাবে বিভিন্ন বিহুৱা দলে তেওঁৰ সৈতে যোগাযোগ কৰি ঘৰৰ পৰা কিনিবলৈ আহে ৷
কিন্তু পৰিতাপৰ বিষয় যে কেৱল বছৰত এইখিনি সময়তে লোকবাদ্য সামগ্ৰী বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা শিল্পীগৰাকীৰ ওপৰত আজিকোপতি নপৰিল ৰজাঘৰীয়াৰ সুদৃষ্টি ৷ চৰকাৰী সাহায্যৰ নামত কেৱল এটা চৰকাৰী শৌচগাৰৰ বাহিৰে আজিকোপতি লোকশিল্পী তথা চহা কৃষকগৰাকীয়ে লাভ কৰা নাই এটি চৰকাৰী আৱাসগৃহ ৷ তৎসত্বেও ব’হাগ অহাৰ বাতৰিয়ে আনন্দিত কৰি তোলে লোকবাদ্য নিৰ্মাতা, শিল্পী ভোগেশ্বৰ গগৈৰ পৰিয়ালক ৷ অভাৱ অনাটনৰ মাজতো বাপতি সাহোন ৰঙালী বিহুৰ গ্ৰাম্য জীৱনৰ প্ৰতিছবি প্ৰতিফলিত হয় লোকবাদ্য নিৰ্মাতা ভোগেশ্বৰ গগৈৰ বাসগৃহত ৷
লগতে পঢ়ক: Assam Bihu Guinness book of world record: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈ উঠিছে টীয়কৰ নাচনীও