ETV Bharat / state

জোনাইৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰীতিৰ নিদৰ্শন

author img

By

Published : Sep 5, 2020, 12:43 PM IST

জোনাইৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰীতিৰ নিদৰ্শন ৷ অৰুণাচলৰ বান বিধ্বস্ত অঞ্চললৈ জোনাইৰ কেইবাটাও সংগঠনৰ সাহায্য ৷ অৰুণাচলৰ বান বিধ্বস্ত অঞ্চললৈ সাহায্য় প্ৰদান কৰিলে একাংশ সংগঠনে ৷

সম্প্ৰীতিৰ নিৰ্দশন
সম্প্ৰীতিৰ নিৰ্দশন

জোনাই, 5 চেপ্তেম্বৰ: অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ভিন্ন সময়ত সীমা সম্বন্ধীয় বিবাদে অপ্ৰীতিকৰ পৰস্থিতিৰ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈ আহিছে ৷ কিন্তু তাৰ মাজতে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে উভয় ৰাজ্যৰে একাংশ সংগঠনে ৷

জোনাইৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰীতিৰ নিদৰ্শন

শেহতীয়াকৈ চিয়াং নৈৰ খহনীয়াই বিধ্বস্ত কৰা জোনাইৰ বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ কৰি ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰিছিল চুবুৰীয়া ৰাজ্য খনৰ কেইবাটাও সংগঠনে ৷ কিন্তু একে সময়তে চিয়াং নৈৰ খহনীয়াই বিস্তৰ ক্ষতিসাধন কৰিছে অৰুণাচলৰো বহু অঞ্চলত ৷ তাৰ পৰিপ্ৰেক্ষিতত বান আৰু গৰাখহনীয়াই ক্ষতি সাধন কৰা অৰুণাচলৰ মেব' অঞ্চলৰ চিগাৰ, চেৰাম, বৰঘুলি আৰু নামিচং আদিকে ধৰি কেইবাখনো গাঁৱত শনিবাৰে উপস্থিত হয় জোনাইৰ একাংশ সংগঠন ৷

জোনাইৰ আদি মিচিং বানে কেবাং, তাতাম মিচিং পৰিণ কেবাং, মিচিং মিমে কেবাং নামৰ সংগঠন কেইটাই শনিবাৰে চুবুৰীয়া ৰাজ্যখনৰ বান বিধ্বস্ত এলেকা সমূহ পৰিদৰ্শন কৰি 35 হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ৷ জোনাইৰ সংগঠন কেইটাৰ এনে পদক্ষেপক প্ৰসংশা কৰিছে অৰুণাচলৰ মেব'বাসীয়ে ৷ লগতে এনে পদক্ষেপে অসম-অৰুণাচলৰ মাজত এক ভাতৃত্ববোধ জাগ্ৰত কৰি, আগন্তুক দিনতো এনেদৰে সহায়-সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰে সংগঠনটোৰ একাংশ কৰ্মকৰ্তাই ৷

লগতে পঢ়ক: স্বায়ত্বশাসিত পৰিষদ হৈছে বিভাজনৰ ৰাজনীতিঃ দৰং জিলা আক্ৰাছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.