জোনাই, ২৩জুলাইঃ ধেমাজি জিলা জোনাই মহকুমাত অৰ্ধশতাধিক গাওঁ চিয়াং আৰু লালী নৈৰ আৰু আন আন উপনৈসমূহৰ বাঢ়নী পানীৰ বানৰ কবলত পৰি সৰ্বোচ্চ হেৰুওৱা শতাধিক পৰিয়াল বান শিবিৰ আৰু মথাউৰি ওপৰত বসবাস কৰি আছে ৷ নিজা ঘৰ-বাৰী এৰি বানাক্ৰান্তই মথাউৰিৰ ওপৰত আশ্ৰয় ল’ব লগা অৱস্থাৰ সৃষ্টি হৈছে ৷
বিশেষকৈ বেৰাচাপৰি, লুহিজান অঞ্চলকে ধৰি জোনাইৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে ৷ শ শ হেক্টৰ কৃষিভূমি তথা পশুধন বানৰ কবলত ৷ মথাউৰিত আশ্ৰয় লোৱা ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু টিৰপালৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ ৰাইজৰ এনে দুৰ্যোগৰ সময়ত অজন্তা কোম্পানীৰ উদ্যোগত আৰু জোনাইৰ আনচাৰি বুট হাউচৰ সহযোগত বানাক্ৰান্ত অঞ্চলৰ মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা আৰু বান শিবিৰত থকা লোকক বান সাহাৰ্য বিতৰণ কৰে ৷ তাৰি বস্তি আৰু বগীনদীৰ ৪০ টা পৰিয়াল, মছোৱা কেম্পৰ ৩০ টা পৰিয়াল আৰু চৰকাৰীভাৱে স্থাপন কৰা জোনাই বালিকা বিদ্যালয় আশ্ৰয় শিবিৰত থকা ১৯ টা পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ কৰে ৷
বিভিন্ন বান বিধ্বস্ত অঞ্চলৰ প্ৰায় ১০০ টা বানদুৰ্গত পৰিয়ালত মুৰি, আলু, নিমখ, বিস্কুট, মম, চাবোন আদি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ৷ বান সাহাৰ্য বিতৰণত জোনাইৰ বুট হাউচৰ ইন্টেখাব আনচাৰি, ফাৰুখ আনচাৰি নুৰুৰোদ্দিন আলি, চাহাব আনচাৰি, মইনুল আলিৰ লগতে জোনাই বজাৰৰ কিছুসংখ্যক ব্যৱসায়ী উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷ অজন্তা কোম্পানী আৰু জোনাইৰ আনচাৰি বুট হাউচৰ এনে মানৱতাক বান দুৰ্গত ৰাইজে শলাগ লৈছে ৷
লগতে পঢ়কঃছয়গাঁৱৰ জোৰশিমুলিত ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ এটি শিশু