ETV Bharat / state

Floods in north and upper Assam: জোনাইত বানৰ কালৰূপ

author img

By

Published : Oct 12, 2022, 10:33 AM IST

দুৰ্গা পূজাৰ পাছৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ প্লাৱিত হৈছে জোনাই মহকুমাৰ বহু অঞ্চল (Flood in Jonai)। শিৱগুৰীৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী সকলো এতিয়া পানীত বুৰ গৈছে । বাসস্থান, খাদ্য, খোৱাপানীৰ সংকটে দেখা দিছে অঞ্চলটোত ।

Jonai flood
জোনাইত বানৰ কালৰূপ

জোনাই,১২ অক্টোবৰ : পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে অসম । চলিত বছৰটোত দুটাকৈ প্ৰলয়ংকাৰী বানে অসমৰ জনসাধাৰণক জুৰুলা কৰি থৈ গৈছে । কোনো মতে বানাক্ৰান্ত ৰাইজ বানৰ ভয়াৱহ পৰিৱেশৰ পৰা মুক্ত হৈছিল । কিন্তু এইবাৰ পুনৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বানৰ তাণ্ডৱ (Flood in Assam)।

কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাছত এইবাৰ বহু ঠাই প্লাৱিত হৈছে । বৰষুণৰ ফলত ওফন্দি উঠিছে কেইবাখনো নৈ-উপনৈ । যাৰ ফলত একপ্ৰকাৰ পুনৰ বানৰ বিভীষিকা আৰম্ভ হৈছে ।

বিশেষকৈ ধেমাজি জিলাৰ বহু অঞ্চল এতিয়া পানীৰ তলত বুৰ গৈছে (Flood situation in Dhemaji)। জোনাইৰ চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰীত অবৰ্ণনীয় হৈ পৰিছে বান পৰিস্থিতি । চাৰিওফালে মাথো পানী আৰু পানী । শিৱগুৰী গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী, কৃষিপথাৰ সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে ৷ বাটপথ আদিও প্লাৱিত হৈছে (Flood condition)৷

জোনাইত বানৰ কালৰূপ

যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং, দতুং আৰু দিবাং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে শিৱগুৰী অঞ্চলটো ৷ ফলত যোৱা প্ৰায় চাৰিদিনে সম্পূৰ্ণৰূপে জলবন্দী হৈ পৰিছে শিৱগুৰী অঞ্চলৰ ৰাইজ । ঘৰ-বাৰী সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত চাঙ ঘৰৰ ওপৰতে চাং সাজি কোনোমতে দিন কটাইছে বান পীড়িত ৰাইজে ৷ ফলত খাদ্য, বাসস্থান, বিশুদ্ধ খোৱাপানী আদিৰ তীব্ৰ সংকটত ভুগি হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে (Severe crisis in Jonai due to floods)।

ইফালে মানুহৰ সমান্তৰালকৈ পশুধনৰো বাসস্থান, খাদ্য আদিৰ সংকটে দেখা দিছে ৷ বানাক্ৰান্ত ৰাইজে নিজৰ লগতে পৰিয়ালক লৈ কোনোমতে জীৱন ৰক্ষা কৰিবলগীয়া হোৱাত পশুধনৰ আলৈ-আথানি হোৱা দেখা গৈছে ৷ এনে পৰিস্থিতিত জোনাই মহকুমা প্ৰশাসনৰ নিৰ্দেশত জোনাই ৰাজহ বিভাগৰ লাট মণ্ডল, পশু চিকিৎসা বিভাগৰ কৰ্মচাৰী, SDRF বাহিনী আৰু স্থানীয় সাংবাদিকে শিৱগুৰীলৈ বান পৰিস্থিতিৰ বুজ লৈছে । ইয়াৰ মাজতে বানাক্ৰান্ত ৰাইজে বিভিন্ন ধৰণৰ সাহায্যৰ বাবে চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰাও দেখা গৈছে ।

লগতে পঢ়ক :Erosion in Lakhimpur: লখিমপুৰত সোৱণশিৰিৰ পাৰত পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.