ETV Bharat / state

চিয়াঙৰ বানত বিনষ্ট সহস্ৰাধিক তামোল খেতি

ধেমাজিৰ জোনাইত চিয়াঙৰ বানে বিপৰ্যস্ত কৰিছে জনজীৱন ৷ কঠিন জীৱন সংগ্ৰামত ব্ৰতী আছে বেৰাচাপৰিবাসী ৷ এই বানে বিনষ্ট কৰিছে অঞ্চলটোৰ বিঘাই বিঘাই তামোল খেতি ৷ সেয়ে মূৰে-কপালে হাত দিছে তামোল খেতিয়কসকল ৷

author img

By

Published : Sep 22, 2020, 2:17 PM IST

Flood effected nuts farming in jonai dhemaji assam etv bharat news
বানত বিধ্বস্ত জন জীৱন

জোনাই,22 ছেপ্টেম্বৰ : ধেমাজিৰ জোনাইত আজি পৰ্যন্ত শেষ হোৱা নাই ভদীয়া বানৰ তাণ্ডৱ ৷ চিয়াং লালীৰ নদীৰ বানে জোনাই ৰাজহ চক্ৰৰ কেইবাশতাধিক গাঁও বিগত সময়ত প্লাৱিত কৰি ক্ষতিসাধন কৰিছিল ৷ সহস্ৰাধিক পৰিয়ালে হেৰুৱাইছিল ঘৰ-বাৰীৰ লগতে সকলো ৷ আজিপৰ্যন্ত একাংশ লোকে অঘৰী জীৱন-যাপন কৰিবলগা হৈছে জোনাইত ৷ এসময়ত খেতিপথাৰৰে নদন-বদন বেৰাচাপৰিত আজি মাথো বালি আৰু বালি ৷ বেৰাচাপৰিৰ কেইবাখনো গাঁৱৰ ভূমি ১৫-২০ ফুট পৰ্যন্তলৈকে পুতি পেলাইছে চিয়াঙৰ পলসে ৷ বাঢ়নী পানী কমাৰ পিছতে দেখা গৈছে এই অঞ্চলৰ বিধ্বস্ত ছবিখন ৷

বানত বিধ্বস্ত জন জীৱন

এই বানে বিনষ্ট কৰিছে অঞ্চলটোৰ বিঘাই বিঘাই তামোল খেতি ৷ সেয়ে মুৰে-কপালে হাত দিছে তামোল খেতিয়কসকল ৷ পকেটৰ লক্ষাধিক ধন ব্যয়েৰে খেতিয়কসকলে আৰম্ভ কৰিছিল তামোল খেতি ৷ কিন্তু এই সকলোবোৰ আজি বিলীন হৈছে চিয়াঙৰ বুকুত ৷ পলসে পুতি পেলাইছে খেতিয়কৰ সপোনবোৰ ৷ এফালে আশ্ৰয় আৰু আনফালে খাদ্যৰ বাবে এক কঠিন জীৱন সংগ্ৰামত নামিছে বেৰাচাপৰিবাসী ৷ তৎসত্বেও অঞ্চলবাসীৰ এই দুৰ্দিনৰ সময়ত কাষত উপস্থিত নাই কোনো জন প্ৰতিনিধি ৷ মুঠতে এক অনিশ্চিত ভৱিষ্যতৰ মাজত জীয়াই থকাৰ হেঁপাহত বেৰাচাপৰিবাসীয়ে অব্যাহত ৰাখিছে কঠোৰ সংগ্ৰাম ৷

লগতে চাওকঃ ব্ৰাউন চুগাৰসহ বৰপেটা আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.