ETV Bharat / state

ন-নদীৰ বাঢ়নী পানীৰ কবলত বৰদলনিৰ বিস্তীৰ্ণ অঞ্চল - Flood continue in bordolini

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ ন-নদীৰ বাঢ়নী পানীৰ কবলত পৰিছে বৰদলনি বিস্তীৰ্ণ অঞ্চল ৷

flood-continue-in-bordolini-of-dhemaji
বৰদলনিত ন-নদীৰ বাঢ়নী পানীৰ কবলত বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jul 19, 2021, 7:26 PM IST

ধেমাজি,19 জুলাই : বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বহু কেইখন জিলাত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ বাৰিষাৰ বানে বুৰাই পেলাইছে লখিমপুৰ, ধেমাজি, গোলাঘাটকে ধৰি কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ বাৰিষাৰ বানত ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বুৰ গৈ থকাৰ মাজতে ধেমাজিৰ বৰদলনিত ন-নদীৰ বাঢ়নী পানীৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল ৷ ন-নদীৰ বাঢ়নী পানীৰ কবলত পৰি অনিষ্ট হৈছে বহু পৰিয়ালৰ ঘৰ-ভেটি তথা সা-সম্পত্তি ৷

উল্লেখ্যনীয় যে, প্ৰতিবছৰে বাৰিষাৰ সময়ত ধেমাজি জিলাৰ জীয়াঢল, গাই আৰু ন-নদীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷ কিন্তু এইবাৰ বৰষুণৰ পৰিমান পূৰ্বৰ তুলনাত কিছু কম হোৱাৰ বাবে জুলাই মাহৰ এটা পষেক অতিক্ৰম কৰাৰ পিছতেই বানৰ প্ৰকোপ কমিছে ৷ কিন্তু ইয়াৰ মাজতো ধেমাজিৰ জিলাৰ বৰদলনি উন্নয়খণ্ডৰ অধীনৰ আৰু গোগামুখ ৰাজহ চক্ৰৰ অধীনৰ অতি পিছপৰা খনাকৃষ্ণপুৰ গাঁৱত আহাৰ, শাওণ মহীয়াৰ ন-নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে ৷ অঞ্চলটোৰ বহু কৃষকৰ খেতি পথাৰ ইতিমধ্যেই বাঢ়নী পানীয়ে নষ্ট কৰাৰ লগতে গাঁওখনৰ বহু পৰিয়ালৰ ঘৰ-ভেটি আৰু ৰাস্তা পদূলি বানে তচনচ কৰিছে ৷

বৰদলনিত ন-নদীৰ বাঢ়নী পানীৰ কবলত বিস্তীৰ্ণ অঞ্চল

প্ৰাপ্ত খবৰ মতে, খনাকৃষ্ণপুৰ গাঁৱৰ লগতে বুঢ়াকুঢ়ি, ভোমা পদ্মপুৰকে আদি কৰি প্ৰায় পাঁচখন গাঁও বানৰ কবলত পৰিছে ৷ ইপিনে ধাৰাবাহিক বানত বিপৰ্যস্ত হৈ পৰা থকাৰ পাঠতো খনাকৃষ্ণপুৰ গাঁৱৰ বানাক্ৰান্তক ধেমাজি জিলা প্ৰশাসনে কোনোধৰণৰ সাহায্য প্ৰদান কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে অঞ্চলটোৰ বন্যাৰ্তই ৷

উল্লেখনীয় যে, নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যৰ বান তথা গৰাখহনীয় ৰোধ কৰাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছিল ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰী গৰাকীয়ে বাৰিষা আৰম্ভ হোৱাৰ ঠিক আগে আগে বহু কেইখন জিলাৰ নিৰ্মীয়মান মথাউৰি সমূহ পৰিদৰ্শন কৰি আধৰুৱা কাম সমূহ সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়া আৰু ঠিকাদাৰ সকলক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু সেইয়া যেন চোৰ গ’লে বুদ্ধি আৰু বৰষুণ গ’লে জাপিৰ দৰে আছিল ৷

লগতে পঢ়কঃ কলগাছিয়াত বাঁওপন্থী গণ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.