জোনাই , 26 মে': দেওবাৰে নিশা অহা এজাক বৰষুণৰ ফলত জোনাইৰ কেইবাটাও অঞ্চল বাঢ়নী পানীত ডুব যায় ৷ বছৰটোৰ প্ৰথমটো বানত কেইবাখনো গাঁও প্লাবিত হয় ৷
ইপিনে অৰুণাচলৰ পহাৰৰ পৰা বৈ অহা খৰস্ৰোতা ৰায়াং নদীৰ বাঢ়নী পানীয়ে আজি পুৱা চিৰাম পুৰীয়া, বাৰঘৰীয়াত দুটা পথ চিঙি পেলায় ৷ ইয়াৰোপৰি বানত অঞ্চলটোৰ বাৰচুক, কৰ্দংচুক, চিৰামপুৰীয়া, বিজয়পুৰ দেউৰী, আদি কৰি কেইবাখনো গাঁও বাঢ়নী পানীত বুৰ যায় ৷ যাৰ ফলত আজি পুৱাৰে পৰা অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ জলবন্দী হৈ জোনাই সদৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে ৷