ETV Bharat / state

Jonai mob lynching case: জোনাই গণহত্যা কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ

সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে জোনাই গণহত্যা কাণ্ডই (Jonai mob lynching case) ৷ এই অমানৱীয় ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (first accused in Jonai Mob lynching arrested ) ৷

author img

By

Published : Sep 3, 2022, 10:43 AM IST

Updated : Sep 3, 2022, 12:47 PM IST

first-accused-in-jonai-mob-lynching-arrested-by-jonai-police
জোনাই গণহত্যা কাণ্ডৰ প্ৰথমজন অভিযুক্ত এজনক গ্ৰেপ্তাৰ

জোনাই, 3 ছেপ্তেম্বৰ: সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে জোনাই গণহত্যা কাণ্ডই (Jonai Mob lynching) ৷ তাৰ মাজতে শুকুৰবাৰে নিশা এই অমানৱীয় ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ নাম 2নং মাজুলীপুৰৰ অশ্বিনী পেগু বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত অশ্বিনী পেগুক জোনাই মহকুমা ন্যায়িক দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰি তদন্তৰ ভাৱে জোনাই আৰক্ষীৰ জিম্মাত ৰাখিছে ৷

ইয়াৰ পাছতে আৰক্ষী সোধা-পোচাৰ বাবে আটক কৰা দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ এই দুই অভিযুক্ত ক্ৰমে বৰদণ্ডী গাঁৱৰ উমাকান্ত দ’লে আৰু বৈকুণ্ঠপুৰৰ টাকুৰাম টায়ে ৷

জোনাই গণহত্যা কাণ্ডৰ প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ

ইতিমধ্যে চিনাক্ত কৰা হৈছে গণ প্ৰহাৰত মৃত্যু হোৱা লোকজন ৷ মৃত লোকজন ধেমাজিৰ গোগামুখৰ চেতিয়া গাঁৱৰ গোলাপ বৰুৱা (32) ৷ বৃহস্পতিবাৰে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত গোলাপ বৰুৱা প্ৰায় পোন্ধৰ বছৰ পূৰ্বৰ পৰাই মানসিক ৰোগত আক্ৰান্ত এগৰাকী ব্যক্তি আছিল বুলি জনায় (Man killed in Jonai mob lynching identified) ৷

এই অমানৱীয় ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে নিশা ৰনোজ টায়ে আৰু কুঞ্জন টায়েক নামৰ দুজন ব্যক্তিকো সোধা-পোচাৰ বাবে আটক কৰিছিল যদিও শুকুৰবাৰে দুয়োকে মোকলাই দিয়ে (Two arrested in Jonai Mob lynching) ৷

উল্লেখ্য যে, বুধবাৰে এটি কেঁচুৱাক মাকৰ কোলাৰ পৰা কাঢ়ি নিয়াৰ অভিযোগ তুলি গাঁওবাসীয়ে প্ৰহাৰ কৰি কৰিছিল হত্যা (Child kidnaping allegation at Jonai) ৷

লগতে পঢ়ক: Jonai mob lynching case: গোলাপ বৰুৱাৰ গণহত্যাত জড়িত থকাৰ সন্দেহত আৰু এজনক আটক

Last Updated : Sep 3, 2022, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.