ETV Bharat / state

জোনাইৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল বাসগৃহ

লেকু গাৱঁৰ শিমলুগুৰিত ভয়ংকৰ অগ্নিকাণ্ড ৷ শিমলুগুৰি গাঁৱৰ নিবাসী মণিৰাম পেগুৰ ঘৰত দিনৰ প্ৰায় 11 বজাত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ বাসগৃহটোৰ সকলো সম্পত্তি জুইত জাহ যোৱাৰ লগতে গৃহহাৰ হৈ পৰিছে মণিৰাম পেগুৰ পৰিয়ালটো ৷

author img

By

Published : Nov 26, 2020, 10:41 PM IST

As_Jonai_fire_incident_img_ASC10072
জোনাইৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল বাসগৃহ

জোনাই, ২৬ নৱেম্বৰ: জোনাইৰ লেকু গাঁৱৰ শিমলুগুৰিত ভয়ংকৰ অগ্নিকাণ্ড ৷ সম্পূৰ্ণৰূপে জাহ গ'ল এটা বাসগৃহ ৷ বৃহস্পতিবাৰে কমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত লেকু শিমলুগুৰি গাঁৱৰ নিবাসী মণিৰাম পেগুৰ ঘৰত দিনৰ প্ৰায় 11 বজাত কোনো নথকা অৱস্থাত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ দাওদাওকৈ জ্বলি উঠা জুইয়ে নিমিষতে আগুৰি ধৰে বাসগৃহটো ৷

ওচৰ-চুবুৰীয়াই জোনাই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱালৈকে বাসগৃহটো জ্বলি শেষ হয় । ইফালে এটা চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ড আৰু অধিক ভয়ঙ্কৰ কৰি তোলে । এই ভয়ঙ্কৰ অগ্নিকাণ্ডত মণিৰাম পেগুৰ সকলো সম্পত্তি জুইত জাহ যায় । কেইবালাখ টকাৰ সা-সম্পত্তি ছাঁই হৈ যোৱাৰ লগতে গৃহহাৰ হৈ পৰিছে মণিৰাম পেগুৰ পৰিয়ালটো ৷

লগতে পঢ়ক :প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম নিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.