ধেমাজি, 24 নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা আৰু কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য ৰাজীৱ গগৈক বুধবাৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই উষ্ম আদৰণি জনায় ৷ ছাত্ৰ নেতা দুগৰাকীয়ে ধেমাজি জিলাৰ শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা পিচতেই জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আয়োজন কৰা আদৰণি সভাত অংশগ্ৰহণ কৰে ৷
ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যান গগৈয়ে আঁত ধৰা অনুষ্ঠানত জোনাই, চিলাপথাৰ, চিমেন চাপৰি, ধেমাজি, মাছখোৱা, গোগামুখ, বৰদলনি আদিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ নেতাদ্বয়ক উষ্ম আদৰণি জনায় ৷
লগতে পঢ়কঃপাঁচটাকৈ ধৰ্মীয় স্থানত আশীৰ্বাদ লৈ শেষ যাত্ৰা কৰিব গগৈয়ে