ETV Bharat / state

কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ প্ৰতিবাদত উত্তাল জোনাই

কৃষকৰ সমস্যা সমাধানৰ দাবীত কৃষক অধিকাৰ সুৰক্ষা সমিতি, জোনাইৰ উদ্যোগত উত্তাল প্ৰতিবাদ ৷ হাতে হাতে প্লে' কাৰ্ড লৈ উত্তাল কৰি তোলে জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ ৷

author img

By

Published : Dec 4, 2019, 7:42 PM IST

JONAI PROTEST FOR FARMER
জোনাইত কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ

জোনাই, 4 ডিচেম্বৰ : জোনাইত কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ ৷ কৃষকৰ সমস্যা সমাধানৰ দাবীত বুধবাৰে কৃষক অধিকাৰ সুৰক্ষা সমিতি , জোনাইৰ উদ্যোগত জোনাই ৰাংকপ তিনিআলিৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয়লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শতাধিক কৃষকে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাতে-হাতে প্লে' কাৰ্ড লৈ উত্তাল কৰি তোলে জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ ৷ সংগঠনটোৰ সভাপতি মহেশ পেগু আৰু সম্পাদক নিৰ্মল দ'লেৰ মন্তব্য জোনাই মহকুমাৰ কৃষকৰ বাবে চৰকাৰীভাবে ঘোষণা কৰা কেচিচি ঋণ বিচাৰি চাৰি-পাঁচ বছৰ পৰ্যন্ত কৃষি বিভাগ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহত তাঁত বাটি কৰিবলগীয়া হৈছে ৷

লগতে কৃষকৰ সমস্যা সমাধানৰ বাবে বিত্তীয় প্ৰতিষ্ঠানসমূহক বহুবাৰ আবেদন কৰিছিল বুলিও জনায় প্ৰতিবাদকাৰীসকলে ৷ জোনাই মহকুমাৰ মহকুমাধিপতি আৰু ধেমাজি জিলাৰ উপায়ুক্তক অৱগত কৰাৰ পিছত কোনোধৰণৰ সুফল নোপোৱাৰ বাবে বিগত বৰ্ষৰ 3 মাৰ্চত মুখ্যমন্ত্ৰীকে ধৰি বিত্ত মন্ত্ৰী আৰু কৃষি মন্ত্ৰীলৈ কৃষকৰ অৱস্থাৰ কথা উল্লেখ কৰি কেচিচি ঋণৰ বাবে এক বিশেষ চৰকাৰী বাজেট দিয়াৰ ব্যৱস্থা কৰিবলৈ জোনাই মহকুমাধিপতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু চৰকাৰৰ ফালৰ পৰা সামান্য সহানুভুতিও প্ৰদৰ্শন নকৰিলে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । অসহায় কৃষকসকলক প্ৰতিদিনেই সেৱা আগবঢ়োৱাৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷

জোনাইত কৃষকৰ উত্তাল প্ৰতিবাদ

আৰু পঢ়ক : 5 ডিচেম্বৰত কেবৰ বিৰোধিতাৰে লাষ্টগেট কপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

Intro:Body:কৃষকৰ সমস্যা সমাধানৰ দাবীত জোনাইত কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ 

৪ ডিচেম্বৰ, জোনাই:: কৃষকৰ সমস্যা সমাধানৰ দাবীত আজি কৃষক অধিকাৰ সুৰক্ষা সমিতি , জোনাইৰ উদ্যোগত জোনাই ৰাংকপ তিনিআলিৰ পৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে ৷ আজিৰ ধৰ্ণা কাৰ্যসূচীত শতাধিক কৃষকে অংশগ্ৰহণ কৰি কিষান ক্ৰেডিট কাৰ্ডক বিশেষ জনমুখী আচঁনি হিচাপে ঘোষণা কৰক, উপান্ত কৃষকক মূলধন যোগানৰ বাবে কে চি চি ঋণ সহজলভ্য কৰক, ঋণ পৰিশোধ কৰিব নোৱাৰা উপান্ত কৃষকক এক লাখ টকাকৈ ৰেহাই দিয়ক, বনভূমি অধীনৰ কৃষক সকলক বিশেষ চৰকাৰী ব্যৱস্থাৰ যোগেদি সহজ ভাৱে ঋণ প্ৰদান কৰা, এছ বি আই জোনাই শাখাচ কে চিচি ৰ সেৱাৰ সপ্তাহৰ প্ৰত্যোক দিনে কৰাৰ নিৰ্দেশ দিয়ক, এছ বি আই জোনাই শাখাত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ কৰা, এছ বি জোনাই শাখাৰ শাখা প্ৰবন্ধক পঙ্কজ সিঙক শীঘ্ৰে বদলি কৰক, মহকুমাৰ কৃষক সকলক শীঘ্ৰে কে চি চি ঋণ প্ৰদান কৰক, ঋণ প্ৰদান কৰিবৰ বাবে জোনাইস্থিত বিত্তীয় প্ৰতিষ্ঠানসমূহক শীঘ্ৰে নিৰ্দেশ দিয়া, বেঙ্কটোত কে ৱাই চিৰ সমাধানৰ দাবীত হাতে হাতে প্লে' কাৰ্ড লৈ উত্তাল কৰি তোলে জোনাই মহকুমাধিপতি শৰ কাৰ্যালয় চৌহদ৷ এই সম্পৰ্কে সংগঠনটোৰ সভাপতি মহেশ পেগু আৰু  সম্পাদক  নিৰ্মল দলেয়ে উল্লেখ কৰি কয় জোনাই মহকুমাৰ খাটি খোৱা উপান্ত কৃষক ৰাইজে কেৱল কৃষকৰ বাবে চৰকাৰীভাবে ঘোষণা কৰা কেচিচি ঋণ বিচাৰি  চাৰি-পাঁচ বছৰ পৰ্যন্ত কৃষি বিভাগ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহত তাঁত বাটি কৰিবলগীয়া হৈ আহিছে বুলি  কোৱাৰ লগতে কৃষকৰ সমস্যা সমাধানৰ বাবে বিত্তীয় প্ৰতিষ্ঠানসমূহক বহুবাৰ আবেদন কৰাৰ  উপৰি  জোনাই মহকুমাৰ মহকুমাধিপতি আৰু ধেমাজি জিলাৰ উপায়ুক্তকো অৱগত কৰোৱা হয় । ইয়াৰ পিছতো কোনোধৰণৰ সুফল নোপোৱাৰ বাবে যোৱা ৩ মাৰ্চ, ২০১৯ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্ত মন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী অতুল বৰালৈ এইসকল উপান্ত হতভাগ্য কৃষকৰ অৱস্থা তথা উপায়হীনতাৰ কথা উল্লেখ কৰি কেচিচি ঋণৰ বাবে এক বিশেষ চৰকাৰী বাজেট আৱন্টত দিয়াৰ ব্যৱস্থা কৰিবলৈ জোনাই মহকুমাধিপতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও পৰিবৰ্তনশীল  চৰকাৰখনৰ  ফালৰ পৰা ব্যৱস্থা লোৱাটো দূৰৈৰ কথা সামান্য সহানুভুতিও প্ৰদৰ্শন নকৰিলে । এনে পৰিপ্ৰেক্ষিততে অসহায় কৃষকসকলক
প্ৰতিদিনাই সেৱা আগবঢ়োৱাৰ দাবীত  কৃষক অধিকাৰ সুৰক্ষা সমিতি ,জোনাইৰ উদ্যোগত আজি জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পিছতে মহকুধিপতিৰ জড়িয়তে মুখ্য মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

কৰবী দলে, জোনাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.